৭ বছৰে সম্পূৰ্ণ নহ’ল বকোৰ নামপথাৰ-শিঙুৱা জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ কাম, খেতিয়কৰ আশাত চেঁচাপানী, নিজে কৰিছে

জলসিঞ্চন বিভাগৰ মন্ত্ৰী গৰাকীয়ে অসমত নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ থকা মথাউৰী, জলসিঞ্চল প্ৰকল্পৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিব বুলি দাঙ্কোপেৰে ঘোষণা কৰিছিল যদিও কামৰূপ জিলাৰ বকোৰ অসম্পূৰ্ণ হৈ থকা নামপথাৰ-শিঙুৱা জলসিঞ্চন প্ৰকল্পটোৰ কাম আজিলৈকে সম্পূৰ্ণ নহ’ল। ইয়াৰ পৰিবৰ্তে খেতিয়ক ৰাইজে সংঘবদ্ধ হৈ প্ৰকল্পটো নিৰ্মাণ কৰাত লাগিছে। ৪৮নং বকো বিধান সভা সমষ্টিৰ শিঙুৱা নদীৰ পানী খেতিপথাৰলৈ বোৱাই নিয়াৰ বাবে নামপথাৰ খেতিপথাৰত ২০১৩-১৪ইং বৰ্ষত নামপথাৰ-শিঙুৱা জলসিঞ্চন প্ৰকল্প নামেৰে প্ৰকল্প এটাৰ নিৰ্মাণ আৰম্ভ কৰে জলসিঞ্চন বিভাগে।


শিঙুৱা নদীৰ বুকুত১৫খন দুৱাৰ সংলগ্ন এই জলসিঞ্চন প্ৰকল্পটোৰ জৰিয়তে খেতিপথাৰলৈ পানী বৈ যাৱ আৰু সেই পানীৰ সহায়ত খেতিয়ক ৰাইজে বৰষুণৰ ওপৰত আশা নকৰি নৈখনৰ পানীৰে সকলো সময়তে নদন বদন খেতি কৰিব পাৰিব বুলি সপোন দেখিছিল। দুখৰ বিষয় জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ঠিকাদাৰলৈকে প্ৰকল্পটোৰ নামত আবন্টিত ধনৰ সিংহভাগ আত্মসাৎ কৰাৰ ফলত আৰম্ভণিৰে পৰা প্ৰকল্পটোৰ নিৰ্মাণত ব্যাপক খেলি-মেলিৰ সৃষ্টি হয়। জলসিঞ্চন প্ৰকল্পটোৰ নিৰ্মাণত অতি নিম্ন মানদণ্ডৰ হোৱাত আগদিনা কৰা কাম পিছদিনা খহি পৰাটো যেন তেনেই সাধাৰণ কথা হৈ পৰে।

মূল প্ৰকল্পটোত সংলগ্ন নদীৰ পৰা খেতিপথাৰলৈ পানী বোৱাই নিয়াৰ বাবে নিৰ্মাণ কৰা নলা নিৰ্মাণৰ ক্ষেত্ৰটো আৰম্ভ হয় চুড়ান্ত ভেকোঁভাওনা। আগদিনা কৰা কাম পিছ দিনা খহি যোৱাৰ উপৰিও উপযুক্ত ভাৱে নলা নিৰ্মাণ নকৰাৰ বাবে খেতিপথাৰলৈ পানী বৈ নোযোৱাত এটা সময়ত খেতিয়ক ৰাইজ অতিষ্ঠ হৈ পৰে। চৰকাৰী ধনৰ এনে অপব্যৱাহাৰ দেখি খেতিয়ক ৰাইজে সংঘবদ্ধ হৈ বকোৰ নামপথাৰ-শিঙুৱা জলসিঞ্চন প্ৰকল্পটোৰ সবিশেষ বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ ওচৰত আবেদন কৰিবলৈ বাধ্য হয়। সেইমতে২০১৮ইং বৰ্ষত সবিশেষ তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ ওচৰত আবেদন জনায়।


অতি পৰিতাপৰ বিষয় যে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে জলসিঞ্চন প্ৰকল্পটোৰ নামত কৃষক ৰাইজে কেইখিলা মান কাগজহে লাভ কৰে। য’ত প্ৰকল্পটোৰ নামত কিমান টকা চৰকাৰে আবন্টন দিছে সেই তথ্য উল্লেখ নাই। আনহাতে তথ্য মতে প্ৰকল্পটোৰ নিৰ্মাণৰ কাম ২০১৮ ইং বৰ্ষৰ ৩১ মাৰ্চত শেষ হোৱা দেখুৱাইছে। অৱশ্য সম্পূৰ্ণ কৰাৰ বাবে এবছৰ বঢ়াই লোৱাও সেই নথি-পত্ৰত উল্লেখ আছে। কিন্তু খেতিয়ক ৰাইজে অভিযোগ কৰা মতে প্ৰকল্পটোৰ কাম৩০শতাংশহে হৈছে। খেতিয়ক ৰাইজে উপায়হীন হৈ নদীৰ পৰা খেতিপথাৰলৈ পানী বোৱাই আনিবলৈ নিজে নিজে শাৰীৰিক পৰিশ্ৰম আৰু ধন খৰছ কৰি প্ৰতি বৰ্ষতে কেচা মাটিৰ নলা নিৰ্মাণ কৰি আহিছে।


যোৱা বৰ্ষত পানীয়ে সেই নলা খহাই নিয়াৰ বাবে এইবৰ্ষতো খেতিয়ক ৰাইজে নালা নিৰ্মাণৰ কাম সম্প্ৰতি আৰম্ভ কৰিছে। খেতিয়ক ৰাইজে দাবী কৰা মতে বকোৰ নামপথাৰ-শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ নামত বিভাগে৭৫কোটি টকাৰো অধিক খৰছ কৰিছে। আজিৰ তাৰিখলৈকে প্ৰকল্পটোৰ জৰিয়তে খেতি পথাৰত পানী নোপোৱাৰ আঁৰৰ ৰহস্য মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি বিষয়া-কৰ্মচাৰীৰ লগতে ঠিকাদাৰে ধন আত্মসাৎ কৰাৰ বাবেই বুলি খেতিয়ক ৰাইজে দাবী যোৱা সাত বছৰে প্ৰকল্পটোৰ নামত কেৱল ভেঁকোভাওনা কৰি আহিছে বুলি অভিযোগ কৰিছে

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs