আগন্তুক ৪৫ দিনত বহিঃৰাজ্যৰ পৰা অসমলৈ আহিব প্ৰায় ১০ হাজাৰ লোকঃ স্বাস্থ্যমন্ত্ৰী

 (বৰপেটা ৰোড) নিউজ : আগন্তুক ৪৫ দিনৰ ভিতৰত প্ৰতিখন ৰাজ্যলৈ বহিঃৰাজ্যৰ পৰা আহিব প্ৰায় ১০ হাজাৰ লোক । এই লোক সকলক ৰখা হ’ব নিজ নিজ সমষ্টিত । মহাবিদ্যালয়, ক্লাৱ বা আন স্থানত নিজ সমষ্টিৰ বিধায়কে ৰাখিব এই লোকসকলক । এই ক্ষেত্ৰত সহায় লোৱা হ’ব স্থানীয় সংগঠনৰো । ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ’ব লোকসকলক । ১৪ দিনর পাছত যদি লক্ষণ দেখা দিয়ে তেন্তে নমুনা সংগ্রহ কৰা হ’ব আৰু নমুনাত ক’ভিড-১৯ ত আক্ৰান্ত বুলি ধৰা পৰে, তেতিয়া তেওঁলোকক উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱা হ’ব ।

আজি কাকডোঙাৰ স্ক্ৰীণিং চেণ্টাৰ পৰিদৰ্শন কৰি এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে- কাইলৈ প্ৰায় ১২০০ লোকক লৈ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহিব এখন যাত্ৰীবাহি ৰে’ল । যাত্ৰীসকলক ক’ত ক’ত ৰখা হ’ব তাৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া সম্পন্ন কৰিছে স্বাস্থ্য বিভাগে ।

বঙাইগাঁও, গুৱাহাটী, লামডিং, মৰিয়ণি, ডিব্ৰুগড় আদি স্থানত যাত্ৰীসকল নমাৰ লগে লগেই তেওঁলোকক নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হ’ব আৰু তেওঁঁলোকক কোৱাৰেণ্টাইনত ৰখা হ’ব বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs