হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি…

হাজোৰ মনাহকুছিত এজন পাচলি ব্যৱসায়ীক মৰিয়াই হত্যা কৰা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাজো থানাৰ তেতেলিয়া গাঁৱৰ ৪৫ বছৰীয়া সনাতন ডেকাই আনদিনাৰ দৰেই পাচলি বিক্ৰী কৰিবলৈ গৈছিল মনাহকুছি অভিমুখে।

২২ মে’ত সনাতন ডেকাই চাইকেলখন লৈ ওলাই গৈছিল ঘৰৰ পৰা। মনাহকুছি অভিমুখে গৈ থকা সময়তে ৩নং মনাহকুছিৰ নদীপাৰত আব্দুল জলিল নামৰ এজন ব্যক্তিৰ ভেছপাৰ সৈতে তেওঁৰ চাইকেলৰ সামান্য খুন্দা লাগে।

এই ঘটনাক লৈ প্ৰথমে দুয়োৰে মাজত কথাৰ কটাকটি হৈছিল যদিও, ভেছপাৰ চালক আব্দুল জলিলে বৰম্বৈত সেই কাজিয়া সন্দৰ্ভত খবৰ দিয়ে। তাৰপাছতেই উক্ত দুৰ্ঘটনাস্থলীত উপস্থিত হয়হি, ফাইজুল হক আৰু ইউচুপ উদ্দিন আহমেদ নামৰ দুজন যুৱক।

তাৰপাছতে পাচলি বেপাৰী সনাতন ডেকাক ৪জন লোকে মিলি উপৰ্যুপৰি প্ৰহাৰ কৰে। এই প্ৰহাৰত পথৰ মাজতে ঢলি পৰে পাচলি বিক্ৰেতাজন। ইয়াৰ পাছত সেই পথেৰে অহা এখন মাৰুটী ৰখাই তাৰেই এজনে তেওঁক প্ৰেৰণ কৰে আমিনগাঁৱৰ জিএনআৰচিলৈ।
মূৰ আৰু বুকুত যথেষ্ট দুপ পোৱা ৪৫ বছৰীয়া ব্যৱসায়ী সনাতন ডেকাই শনিবাৰৰ নিশা জিএনআৰচি হাস্পতালত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে। পাচলি ব্যৱসায়ীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই তেওঁৰ গাঁৱত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ নিজ গৃহলৈ নিয়াৰ পাছত উত্তেজিত লোকে সনাতন ডেকাৰ নশ্বৰ দেহ হত্যাকাৰী ফাইজুলৰ গৃহত সম্পন্ন কৰিব বিচাৰে। আৰক্ষীয়ে কোনোমতে হস্তক্ষেপ কৰি এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

পাছত স্থানীয় লোকৰ সহযোগত শ্মশানত শেষকৃত সম্পন্ন কৰা হয় সনাতন ডেকাৰ। মন কৰিব লগা যে, সনাতন ডেকা আছিল পৰিয়ালটোৰ উপাৰ্যনক্ষম ব্যক্তি। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃৰ লগতে পত্নীক এৰি থৈ গৈছে।

এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে হাজো আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। হাজো আৰক্ষীয়ে আইপিচি ১২০বি, ৩০২ ধাৰাত ৪৮০/২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি হত্যাকাৰী কেইজনৰ সন্ধান কৰিছে যদিও এতিয়ালৈকে এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

পাচলি বিক্ৰী কৰিবলৈ গৈ অতি দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লোৱা সনাতন ডেকাৰ বাসগৃহত বিভিন্ন দল-সংগঠনৰ লোকে ভিৰ কৰিছেগৈ। আৰক্ষীক এই অপৰাধীসকলক কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে ভালেমান দল-সংগঠনে। তেওঁৰ মৃতদেহ বাসগৃহলৈ অনা সময়ত অতি শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

এনেদৰে পথত সামান্য কথাতে এজন লোকক হত্যা কৰা এই অপৰাধী কেইটাক অতি কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে তেওঁৰ পৰিয়ালেও। দেওবাৰে সন্ধিয়া হাজো থানাত ডমডমা আঞ্চলিক ছাত্ৰ সন্থা, গৰিয়া মৰিয়া যুৱ ছাত্ৰপৰিষদে দোষীক শাস্তি প্ৰদানৰ দাবীত পৃথকে পৃথকে স্মাৰক পত্ৰও প্ৰদান কৰে। ইফালে, এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে কেইবাটাও দল-সংগঠনৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰিছিল। এনে নৃসংশ হত্যকাৰীক ফাঁচী দিবলৈও দাবী জনাইছে একাংশই।


Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs