জলেশ্বৰৰ স্থানীয় ৰাইজৰ অভিযোগত
জলেশ্বৰৰ স্থানীয় ৰাইজৰ অভিযোগত গোৱালপাৰা জিলা বিজেপিৰ সভাপতি Himadri Das দাৰ নিৰ্দেশ মতে গোৱালপাৰা জিলা বিজেপিৰ সম্পাদক Rakesh Guptaৰ নেতৃত্বত , জলেশ্বৰ মণ্ডলৰ সভাপতি Anowar Hussain, Mokibul Hussain, ziaur Rahman ,Mukul Ahmed আদিয়ে কাঠুৰী আৰু টাকিমাৰীত ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰো ৷ কাঠুৰী আৰু টাকিমাৰী গড়াখহনীয়া ৰোধ কৰাৰ কাৰণে চৰকাৰে আৱণ্টন দিয়া 1,5 কোটি টকাৰ বেছিভাগ হৰলুকি হোৱা বুলি অভিযোগ উঠিছে ৷ আমি বিজেপিৰ কৰ্মীয়ে পৰিদৰ্শন কালত ৰাইজে অভিযোগ কৰা মতে টাকিমাৰীৰ পৰা কাঠুৰী লৈ 7 টা ঠাইত 50/60 টা কৈ পাৰ্কুপাইন পেলাই 1,5 কোটি টকা আত্মসাৎ কৰি আছে ৷ কামৰ নাম ফলকত ঠিকাদাৰৰ নাম উল্লেখ নাই যদিওঁ ঠিকাদাৰ গৰাকী গুৱাহাটীৰ মানুহ হয় ৷ এই জন ঠিকাদাৰক দূৰ্নীতি কৰিবলৈ স্থানীয় কেইজন মান মানুহে হাত উজান দিয়া বুলি অভিযোগ উঠিছে ৷ 7 টা স্থানত পাৰ্কুপাইন পেলোৱা চিহ্ন হিচাপে মানুহে দেখা কৰি কিছু পাৰ্কুপাইন পেলোৱা হৈছে ৷ ৰাইজে অভিযোগ কৰা মতে পানীৰ ওপৰতে পাৰ্কুপাইন পেলোৱা হৈছে কিন্তু পানীৰ তলত দুই - চাৰিটাৰ বেছি পাৰ্কুপাইন পেলোৱা হোৱা নাই ৷ ভাৱিলে আচৰিত লাগে টকাৰ সচাঁকৈ কোনো মূল্য নাই নেকি? 7 টা স্থানত কেইটামান কৰি পাৰ্কু পাইন পেলাই 1,5 লাখ টকা উদাওঁ ৷ ইপিনে ৰাইজে মধুপুৰত হেজাৰ হেজাৰ বাহ পুতি খহনীয়া ৰোধৰ চেষ্ঠা কৰিছে ৷ এই কামৰ তদন্ত আৰু তৎকালীন ভাৱে কাঠুৰী-টাকিমাৰীত খহনীয়া ৰোধৰ কাৰণে পুজি আৱণ্টন কৰি গৰাখহনীয়া ৰোধ কৰি জলেশ্বৰ আৰু গোৱালপাৰা পশ্চিম সমষ্টি দুটা ৰক্ষা কৰাৰ কাৰণে স্থানস্থানীয় ৰাইজে চৰকাৰক উচিত তদন্তৰ বাবে দাবী জনাইছে ।
Comments
Post a Comment