কোৱাৰান্টাইনত থকা মুছলমানক গাঁওৰ বাহিৰলৈ পঠোৱাৰ আহ্বান বিজেপি বিধায়কৰ
SANIDUL MAMUD: মুজাফৰনগৰৰ খতৌলীৰ বিজেপি বিধায়ক বিক্ৰম সেনীয়ে গাঁৱৰ মছজিদত ৰখা জামাতীসকলক উলিয়াই পঠাবলৈ প্ৰশাসনক অনুৰোধ জনাইছে। COVID19 ৰ বৰ্ধিত সংক্ৰমণৰ মাজতে বিভিন্ন ৰাজনৈতিক নেতাই কৰা বিভিন্ন মন্তব্যই বিতৰ্কৰো সূত্ৰপাত কৰি থকাৰ মাজতে খতৌলিৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ খতৌলী সমষ্টিৰ বিধায়ক বিক্ৰম সেনীয়ে তবলিগী জামাতক আক্ৰমণ কৰিছে। তেওঁ জিলাখনৰ মেজিষ্ট্ৰেটক কয়, তবলিগী জামাতৰ যিসকল লোকক গাঁৱৰ মছজিদত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে তেওঁলোকক গাঁৱৰ বাহিৰলৈ উলিয়াই পঠিয়াব লাগে। তেওঁ সমষ্টিৰ লোকসকলৰ সুৰক্ষা বিচাৰে বুলি জানিবলৈ দিয়ে। সেনীয়ে ফোনযোগে সংবাদ মাধ্যমক জনায়, প্ৰশাসনে ২৭ এপ্ৰিলৰ পৰা ১১ জন জামাতিক মছজিদটোত কোৱাৰেন্টাইন কৰি ৰাখে। তেওঁলোকৰ দুজন পজিটিভ ওলোৱাত ৭ মে’ৰ পৰা পুনৰ দুসপ্তাহলৈ কোৱাৰেণ্টাইন বৃদ্ধি কৰে। তাৰপিছতে অঞ্চলটোৰ লোকসকলে দাবী জনায় যে কেন্দ্ৰটো গাঁৱৰ বাহিৰত স্থাপন কৰিব লাগে। কিন্তু মন কৰিবলগীয়া যে জামাতীসকলক লৈ এনে মন্তব্য কৰা সেনীয়ে বিজেপিৰ একমাত্ৰ বিধায়ক নহয়। ইয়াৰ আগেয়েও দিল্লী ভাজপাৰ অধ্যক্ষ মনোজ তিৱাৰী , উত্তৰ প্ৰদেশৰ এজন বিধায়ক সুৰেশ তিৱাৰীয়েও এনে মন্তব্য কৰিছিল। আকৌ দেৱৰীয়াৰ বিধায়ক সুশীল তিৱাৰীয়ে চৰকাৰী বিষয়াসকলক কোৱা এটা ভিডিঅ’ পোৱা গৈছে। য’ত তেখেতে কয়, ” এটা কথা মুকলিকৈ ক’ব বিচাৰোঁ। কোনেও যাতে মুছলিমৰ পৰা শাক – পাচলি ক্ৰয় নকৰে। সেই কথা ধ্যান ৰাখিব।”Dমুজাফৰনগৰৰ খতৌলীৰ বিজেপি বিধায়ক বিক্ৰম সেনীয়ে গাঁৱৰ মছজিদত ৰখা জামাতীসকলক উলিয়াই পঠাবলৈ প্ৰশাসনক অনুৰোধ জনাইছে। COVID19 ৰ বৰ্ধিত সংক্ৰমণৰ মাজতে বিভিন্ন ৰাজনৈতিক নেতাই কৰা বিভিন্ন মন্তব্যই বিতৰ্কৰো সূত্ৰপাত কৰি থকাৰ মাজতে খতৌলিৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ খতৌলী সমষ্টিৰ বিধায়ক বিক্ৰম সেনীয়ে তবলিগী জামাতক আক্ৰমণ কৰিছে। তেওঁ জিলাখনৰ মেজিষ্ট্ৰেটক কয়, তবলিগী জামাতৰ যিসকল লোকক গাঁৱৰ মছজিদত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে তেওঁলোকক গাঁৱৰ বাহিৰলৈ উলিয়াই পঠিয়াব লাগে। তেওঁ সমষ্টিৰ লোকসকলৰ সুৰক্ষা বিচাৰে বুলি জানিবলৈ দিয়ে। সেনীয়ে ফোনযোগে সংবাদ মাধ্যমক জনায়, প্ৰশাসনে ২৭ এপ্ৰিলৰ পৰা ১১ জন জামাতিক মছজিদটোত কোৱাৰেন্টাইন কৰি ৰাখে। তেওঁলোকৰ দুজন পজিটিভ ওলোৱাত ৭ মে’ৰ পৰা পুনৰ দুসপ্তাহলৈ কোৱাৰেণ্টাইন বৃদ্ধি কৰে। তাৰপিছতে অঞ্চলটোৰ লোকসকলে দাবী জনায় যে কেন্দ্ৰটো গাঁৱৰ বাহিৰত স্থাপন কৰিব লাগে। কিন্তু মন কৰিবলগীয়া যে জামাতীসকলক লৈ এনে মন্তব্য কৰা সেনীয়ে বিজেপিৰ একমাত্ৰ বিধায়ক নহয়। ইয়াৰ আগেয়েও দিল্লী ভাজপাৰ অধ্যক্ষ মনোজ তিৱাৰী , উত্তৰ প্ৰদেশৰ এজন বিধায়ক সুৰেশ তিৱাৰীয়েও এনে মন্তব্য কৰিছিল। আকৌ দেৱৰীয়াৰ বিধায়ক সুশীল তিৱাৰীয়ে চৰকাৰী বিষয়াসকলক কোৱা এটা ভিডিঅ’ পোৱা গৈছে। য’ত তেখেতে কয়, ” এটা কথা মুকলিকৈ ক’ব বিচাৰোঁ। কোনেও যাতে মুছলিমৰ পৰা শাক – পাচলি ক্ৰয় নকৰে। সেই কথা ধ্যান ৰাখিব।”
Comments
Post a Comment