সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি হিন্দু লোকৰ অন্তিম সংস্কাৰৰ বাবে আগবাঢ়ি আহিল মুছলমান যুৱক

যিসময়ত  COVID19 সংক্ৰমণৰ আশংকাত কোনো ব্যক্তি এজন আন এজনৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত আছে,  অথবা সাহস কৰা নাই,  সেই সময়ত কেৰেলাৰ ১০ জন মুচলমান যুৱকে এটা হিন্দু ব্ৰাহ্মণ পৰিয়াললৈ নিঃস্বাৰ্থ ভাৱে সহায় আগবঢ়াইছে।  “Corona Warriors” ৰূপে পৰিচিত এই যুৱককেইজনে টিলক পাৰ্ক আৰক্ষী চকীৰ সহযোগত আঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালসমূহলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰে। মংগলবাৰে সেই অঞ্চলৰ  K.H.B কলনিৰ এটি হিন্দু পৰিয়ালৰ নৰনাৰায়ণ ৰাও নামৰ এজন বয়ষোষ্ঠ ব্যক্তিৰ মৃত্যু হয়। লকডাউনৰ বাবে পৰিয়ালৰ কোনো ব্যক্তি আহিব নোৱাৰিলে, কিয়নো COVID19ত আক্ৰান্ত হৈ K.H.B কলনিৰ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত অঞ্চলটো সম্পূৰ্ণভাৱে ছীল কৰি ৰখা হৈছিল। সেয়েহে নৰনাৰায়ণৰ পুত্ৰই ক’ৰ’ণা যোদ্ধা সকলক খবৰ দিয়ে। তেওঁলোকৰে এজন মহম্মদ খালিদে দ্য হিন্দু টাইমছক জনায়, তেওঁলোকে মৃত ব্যক্তিজনক অন্তিম সংস্কাৰৰ বাবে ঘৰৰ চৌহদৰ পৰা এম্বুলেঞ্চলৈ কঢ়িয়াই নিয়ে। একে চুবুৰীত থকা স্বত্বেও মৃত ব্যক্তিজনৰ ভাতৃ আৰু ভতিজাসকল অন্তিম সংস্কাৰৰ বাবে আহিবলৈ অস্বীকাৰ কৰে। যদিও নৰনাৰায়ণ ৰাওৰ কৰোণা পৰীক্ষাত নিগেটিভ ওলাইছিল। তথাপি তেওঁলোক আহিবলৈ ভয় কৰিছিল। তেখেতে এইক্ষেত্ৰত জিলা প্ৰলাসনে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জনায়। নৰনাৰায়ণৰ পুত্ৰ পুনিত কুমাৰে কয়,  মুছলমান ভাতৃ সকলে আমাক যথাসাধ্য সহায় কৰে। সংস্কাৰৰ বাবে সকলোবোৰ যা-যোগাৰ কৰে। আনকি আমাৰ স’তে ৰাতিটো কটাই সাহস দিয়ে।


Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs