বৰ্হিঃ ৰাজ্যৰ পৰা অহা ব্যক্তিসকলৰ বাবে মুঠ ৩২ টা কোৱাৰেণ্টাইন কেন্দ্ৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়/ মহাবিদ্যালয়ত স্থাপন কৰা হৈছে ,
কৰণা প্ৰতিৰোধৰ ক্ষেত্ৰত সমষ্টিৰ স্থানীয় বিধায়ক নৰেন সোণোৱাল ডাঙৰীয়াৰ লগতে অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া, নাহৰকটীয়াৰ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী ডাঙৰীয়া, নাহৰকটীয়া পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি জগদীশ ৰাজকোঁৱৰ ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী প্ৰদীপ বৰগোঁহাই ডাঙৰীয়া, চৰকাৰী বিষয়া , স্বাস্থ্য বিভাগৰ কৰ্মচাৰী , প্ৰশাসনীয় বিষয়া , বিদ্যালয় / মহাবিদ্যালয়ৰ অধ্যক্ষ/ অধ্যক্ষা আৰু কৰ্মচাৰী আদিকে ধৰি সকলোৱে গুৰুত্বপূৰ্ণ আৰু সৱল ভূমিকা লোৱা দেখা গৈছে ।
ৰাইজলৈ এটি বিশেষ অনুৰোধ আপোনালোকে যাতে চৰকাৰ তথা প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু স্বাস্থ্য বিভাগৰ নিয়ম নীতি মানি চলে ।
এইয়া আমাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আমি সকলোৱে সহযোগিতা আগবঢ়ালেহে সমস্যা সমাধান কৰিব পাৰিম ।
বহুজনৰ বহু কষ্টৰ ফলতহে আমি এতিয়াও অকণমান নিৰপদে আছো, আমি যদি অৱহেলা কৰো বেছি সময় নালাগিব আমাৰ বিপদ আহিবলৈ ।
সকলোৱে সুস্থ থাকক আৰু সজাগ থাকক, অপ্ৰয়োজনীয়তাত কোনো যাতে ঘৰৰ পৰা ওলাই নাহিব , কোৱাৰেণ্টাইন কৰা মানেই Covid 19 পজিটিভ নহয় সেইয়াও মনত ৰাখিব সেয়ে কোনো লোকৰ ওপৰত মানসিক নিৰ্যাতন নচলাব ।
এইয়াই সকলোলৈ অসম চৰকাৰৰ অনুৰোধ ।
#দাপোণ নিউজ অসম #
Comments
Post a Comment