বলিউডৰ এইজন অভিনেতাই প্ৰৱাসী শ্ৰমিকক যোগান ধৰিছে ১০ খন বাছ
সমগ্ৰ ভাৰততে লকডাউন প্ৰযোজ্য থকাৰ ফলত বহু প্ৰবাসী শ্রমিক ৫০০-৬০০ কিলোমিটাৰ খোজকাঢ়ি ঘৰলৈ গৈ থকাৰ দৃশ্য আমি যোৱা কিছু দিনৰ পৰা দেখি আহিছো। বহু শ্ৰমিকে যোৱাৰ চেষ্টা কৰি আছে যদিও অসুবিধাত পৰি যাব পৰা নাই। ভাল খবৰ যে অসুবিধাত পৰা শ্ৰমিকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বলিউডৰ অভিনেতা চনু চুড।
হিন্দুস্তান টাইমছত প্ৰকাশ পোৱা বাতৰি অনুসৰি মহাৰাষ্ট্ৰত বন্দী হৈ থকা প্ৰৱাসী শ্ৰমিক সকলক ঘৰলৈ পঠোৱাৰ বাবে বলিউদৰ অভিনেতা চনু চুডে ১০ খন বাছ যোগাৰ কৰিছে আৰু লগতে খাদ্য বস্তুৰো যোগান ধৰিছে। মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক চৰকাৰৰ পৰা অনুমতি লাভ কৰাৰ পাছতেই মহাৰাষ্ট্ৰৰ থানেৰ পৰা কৰ্ণাটকৰ গোলবাৰ্গালৈ ৰাওনা হৈছে বাছকেইখন। বলিউদৰ অভিনেতা চনু চুডে কয় যে বৰ্তমান দেখা দিয়া মহামাৰীৰ সময়ত সকলো লোক নিজৰ পৰিয়ালৰ লগত থকাটো এটা দায়িত্ব। অভিনেতাজনে এই প্ৰৱাসী শ্ৰমিক সকলক যাবলৈ আৰু আদৰিবলৈ অনুমতি দিয়াৰ বাবে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক চৰকাৰক ধন্যবাদ জনাইছে। তেওঁ কয় যে ” শ্রমিক সকলে যেনেকৈ কণ কণ শিশুৰ লগত খোজকাঢ়ি ঘৰলৈ গৈ আছে, তাক প্ৰত্যক্ষ কৰাটো অসহনীয়। মই যিমানলৈকে কৰিব পাৰো এই কাম কৰি যাম।”
Comments
Post a Comment