দুখীয়াৰ বাবে আৰ্থিক পেকেজত একো নাই- পি চিডাম্বৰম

দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি. চিদাম্বৰমে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজক লৈ কয় যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বৰ্তমান সময়ত ভোকত থকা দুখীয়া মজদুৰ, যিসকল ভোকত খোজকাঢ়ি ঘৰলৈ ঢাপলি মেলিছে, সেইসকলক লৈ এটাও কথা নক’লে। ভাৰতৰ ১৩ কোটি দুখীয়া পৰিয়ালৰ বেংক একাউণ্টত নগদ টকা ট্ৰেন্সফাৰক লৈ একো কথা নক’লে আৰু তেওঁলোকক মৃত্যৰ মুখলৈ ঠেলি দিয়া হৈছে।
চিদাম্বৰমে পুনৰ কয় – ” বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে MSME ৰ বাবে কিছু ঘোষণা কৰিলে, এই বিষয়ত মোৰ এইটো ক’বলগীয়া আছে ডাঙৰ MSME (প্ৰায় 45 লাখ)ৰ পক্ষত অধিক সমৰ্থন আৰু উপায়ৰ কথা ঘোষণা কৰা হ’ল। মই ভাবো, 6.3 কোটি MSME ক লৈ একো কোৱা নহ’ল। আমি চাবঅৰ্ডিনেট লোন আৰু ইকুইটি কৰ্পছ ফাণ্ডৰ সমৰ্থন জনাইছোঁ, কিন্তু নিয়ম আৰু চৰ্ত কি হ’ব, তাৰ অপেক্ষাত আছোঁ। বাকী 16.4 লাখ কোটি টকা ক’ত আছে? এই চৰকাৰে নিজেই অজ্ঞানতা আৰু ভয়ত বন্ধ হৈ আছে। চৰকাৰে অধিক খৰছ কৰিব লাগিব, কিন্তু চৰকাৰে সেইটো কৰিব বিচৰা নাই। চৰকাৰে অধিক ধাৰ ল’ব লাগিব, কিন্তু চৰকাৰে সেই কাম কৰিব বিচৰা নাই। চৰকাৰে ৰাজ্য সমূহক অধিক ঋণ লবলৈ আৰু অধিক খৰছ কৰিবলৈ অনুমতি দিব লাগে, কিন্তু চৰকাৰে সেই কাম কৰিবলৈ প্ৰস্তুত হোৱা নাই।”


Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs