যেনে কৰ্ম তেনে ফল, সোণাৰিত কিহৰ বাবে ব্যৱসায়ীক কাণত ধৰা আঁঠু কঢ়ালে ৰাইজে?
দাপোণ নিউজ (বৰপেটা ৰোড):: চৰাইদেউ জিলাৰ সোণাৰিত নাবালিকাক বলাৎকাৰ কৰাৰ অপচেষ্টা লম্পট ব্যৱসায়ীৰ।আইদেউ বাৰী বাগিচাৰ গেলামালৰ ব্যৱসায়ী বম বাহাদুৰ নেৱাৰে ব্যৱসায়িক প্ৰতিষ্ঠানত সামগ্রী ক্ৰয় কৰিবলৈ অহা এগৰাকী ১১ বছৰীয়া নাবালিকাক বলাৎকাৰৰ চেষ্টা চলাই যদিও কথমপি ৰক্ষা পৰে নাবালিকাগৰাকী।
সোণাৰি নগৰৰ সমীপৰ আইদেউবাৰী চাহ বাগিচাৰ নিবাসী বাম বাহাদুৰ নেৱাৰ নামৰ ব্যৱসায়ীজনৰ দোকানলৈ আহিছিল নাবালিকাগৰাকী। দোকানত আন গ্ৰাহক নথকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰীগৰাকীক ফুচুলাই নি যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা চলাই লোকজনে। কণমানিজনীয়ে চিঞৰ–বাখৰ কৰাত ওচৰৰ লোকসকল ঘটনাস্থলীত উপস্থিত হোৱাত কণমানিজনীয়ে সকলো কথা বিৱৰি কয়।
ৰাইজে লম্পটটোক কৰায়ত্ত কৰি কাণত ধৰাই উঠা–বহা কৰোৱাই উত্তম–মধ্যম শোধাই সোণাৰি আৰক্ষীক গতাই দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও লম্পটটোৱে এনে ধৰণৰ কার্য সংঘটিত কৰি ৰাইজৰ ৰোষত পৰাৰ উদাহৰণ আছে বুলি জানিবলৈ দিছে অঞ্চলটোৰ ৰাইজে।
Comments
Post a Comment