মাহে ১৫ হাজাৰতকৈ কম দৰমহা পোৱা সকলৰ বাবে ডাঙৰ ঘোষণা বিত্তমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশবাসীৰ কল্যানৰ বাবে ২০ লাখ টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল। এই পেকেজৰ সম্পৰ্কত বুধবাৰে বিত্তমন্ত্ৰী নৰ্মলা সীতাৰমণৰ সংবাদমেল।
সংবাদমেলত বিত্তমন্ত্ৰীয়ে কোৰোণাৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা দেশৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে বহু কেইটা গুৰুতত্বপূৰ্ণ ঘোষণা কৰে। MSMEক ৩ লাখ কোটিৰ লোন প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। সেইদৰে এই লোনৰ ম্যাদ থাকিব চাৰি বছৰ।
আজিৰ সংবাদমেলত বিত্তমন্ত্ৰীয়ে কৰ্মচাৰীৰ বাবেও বিশেষ ঘোষণা কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, ১৫ হাজাৰতকৈ কম দৰমহা পোৱা সকলক সহায় কৰিব চৰকাৰে। দৰমহাৰ ২৪ শতাংশ চৰকাৰে পি এফত জমা কৰিব। আগন্তুক তিনি মাহৰ বাবে চৰকাৰে আগবঢ়াব এই সাহায্য।
বিত্তমন্ত্ৰীয়ে লগতে কয় যে, ই পি এফত প্ৰদান কৰা সকাহৰ সীমা আগন্তুক তিনি মাহৰ বাবে বৃদ্ধি কৰা হ’ব। যি আগতে কেৱল মাৰ্চ, এপ্ৰিল আৰু মে’ লৈকে আছিল।
বিত্তমন্ত্ৰীৰ আন কেতবোৰ ঘোষণা-
.MSME কৰ্মচাৰীৰ পি এফৰ বাবে বিশেষ দুটা পদক্ষেপ।
.সংকটত পৰা MSME উদ্যোগৰ বাবে ২০ হাজাৰ কোটি টকাৰ ঋণ।
.এনে পদক্ষেপৰ বাবে ৪৫ লাখ MSMEয়ে সকাহ পাব।
.MSMEক ই-মাৰ্কেটৰ সৈতে সংলগ্ন কৰা হ’ব।
.আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
.Funds of Fundsৰ জৰিয়তে ৫০ হাজাৰ কোটি টকা MSMEৰ বাবে।
.MSMEৰ বিনিয়োগৰ সীমা বৃদ্ধি কৰা হ’ব।
.দেশৰ জিডিপিৰ ১০ শতাংশ সামৰি ল’ব এই আঁচনিয়ে।
.বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, এন বি এফ চিৰ বাবে ৩০ হাজাৰ কোটি টকাৰ স্কীম।
Comments
Post a Comment