শ্ৰমিকক লৈ যোৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু

আজি পুৱতি নিশা মধ্যপ্ৰদেশৰ গুণা জিলাৰ ৰাজপথত এখন বাছ আৰু ট্ৰাকৰ মুখামুখি দুৰ্ঘটনা সংঘটিত হয়। জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে, মুম্বাইৰ পৰা উত্তৰ প্ৰদেশ অভিমুখী ট্ৰাকখনে ৬০ জনতকৈ অধিক শ্ৰমিক কঢ়িয়াই  নিছিল। বিপৰীতমুখী যাত্ৰীবিহীন বাছখনৰ সৈতে হোৱা দুৰ্ঘটনাটোত তাৰে আঠজন (৮) জন শ্ৰমিকৰ থিতাতে মৃত্যু হয় আৰু  আন ৫৫ জন শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে। অধিকাংশ শ্ৰমিক উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ পৰা আছিল বুলি জানিব পৰা গৈছে। কিছু সময়ৰ পিছতে আৰক্ষী, চিকিৎসক আৰু উদ্ধাৰকাৰী বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।


Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs