হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি…

হাজোৰ মনাহকুছিত এজন পাচলি ব্যৱসায়ীক মৰিয়াই হত্যা কৰা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাজো থানাৰ তেতেলিয়া গাঁৱৰ ৪৫ বছৰীয়া সনাতন ডেকাই আনদিনাৰ দৰেই পাচলি বিক্ৰী কৰিবলৈ গৈছিল মনাহকুছি অভিমুখে। ২২ মে’ত সনাতন ডেকাই চাইকেলখন লৈ ওলাই গৈছিল ঘৰৰ পৰা। মনাহকুছি অভিমুখে গৈ থকা সময়তে ৩নং মনাহকুছিৰ নদীপাৰত আব্দুল জলিল নামৰ এজন ব্যক্তিৰ ভেছপাৰ সৈতে তেওঁৰ চাইকেলৰ সামান্য খুন্দা লাগে। এই ঘটনাক লৈ প্ৰথমে দুয়োৰে মাজত কথাৰ কটাকটি হৈছিল যদিও, ভেছপাৰ চালক আব্দুল জলিলে বৰম্বৈত সেই কাজিয়া সন্দৰ্ভত খবৰ দিয়ে। তাৰপাছতেই উক্ত দুৰ্ঘটনাস্থলীত উপস্থিত হয়হি, ফাইজুল হক আৰু ইউচুপ উদ্দিন আহমেদ নামৰ দুজন যুৱক। তাৰপাছতে পাচলি বেপাৰী সনাতন ডেকাক ৪জন লোকে মিলি উপৰ্যুপৰি প্ৰহাৰ কৰে। এই প্ৰহাৰত পথৰ মাজতে ঢলি পৰে পাচলি বিক্ৰেতাজন। ইয়াৰ পাছত সেই পথেৰে অহা এখন মাৰুটী ৰখাই তাৰেই এজনে তেওঁক প্ৰেৰণ কৰে আমিনগাঁৱৰ জিএনআৰচিলৈ। মূৰ আৰু বুকুত যথেষ্ট দুপ পোৱা ৪৫ বছৰীয়া ব্যৱসায়ী সনাতন ডেকাই শনিবাৰৰ নিশা জিএনআৰচি হাস্পতালত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে। পাচলি ব্যৱসায়ীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে...