Posts

Showing posts from 2020
Image
  ৰে’ল যাত্ৰীৰ বাবে সুখবৰ! এতিয়াৰে পৰা গুৱাহাটীলৈ দৈনিক যাত্ৰা কৰক বিশেষ যাত্ৰীবাহী ৰে’লত ৰে’ল যাত্ৰী সকললৈ সুখবৰ! ১৪ ডিচেম্বৰৰ পৰা নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ চলিব বিশেষ যাত্ৰীবাহী ৰে’ল। এই বিশেষ ৰে’লখনেৰে অতি কম সময়ৰ ভিতৰতেই যাত্ৰীসকলে গুৱাহাটীলৈ যাত্ৰা কৰিব পাৰিব। ৰে’লখন নিউ বঙাইগাঁও ষ্টেশ্যনৰ পৰা নিতৌ পুৱা ৪:৫০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পুৱা ৯:১৫ বজাত গুৱাহাটী ষ্টেশ্যন পাবহি ৷ আনহাতে পুনৰ আবেলি ৫:৩০ বজাত ৰে’লখনে গুৱাহাটী ষ্টেশ্যনৰ পৰা যাত্ৰ আৰম্ভ কৰি নিশা ৯:৫৮ বজাত নিউ বঙাইগাঁও ষ্টেশ্যনলৈ পাব ৷ উল্লেখ্য যে সাম্প্ৰতিক কৰ’নাকালীন পৰিস্থিতিৰ বাবে যোৱা কেইবামাহ ধৰি মানস ৰাইনো, বহাগী, চিফুং আদি লোকেল ৰে’লসমূহ বন্ধ হৈ থকাত যাত্ৰীসকলে ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।
Image
  উজনীৰ #তিনিচুকীয়াৰ কাকপথাৰত 7 বছৰীয়া কন্যা শিশুক ধর্ষণ কৰি হত্যা।... জঙ্গলত মুণ্ডহীন, অর্ধ উলংগ মৃতদেহ উদ্ধাৰ কন্যা শিশু জনীৰ।.... ধর্ষণকাৰী বাদনা গোৱালা উৰফে #ৰামু । কত গেৰুৱা IT cell ৰ সক্ৰিয় কৰ্মী সকল এই কণমানি জনীৰ ন্যায়ৰ কাৰণে মাত মতা দেখা নাই যে।...... কত হিন্দুত্ববাদী লেখক বোৰ এই কণমানি জনীও তো হিন্দু হয়.... তাইৰ ন্যায়ৰ কাৰণে কিয় মাত নাই?? নে মুছলমানৰ গোন্ধ নাই বাবে?......... কত? অসমৰ সাম্প্ৰদায়িক নিউজ চেনেল সমূহৰ সাংবাদিক কেইটা.... এইটো ঘটনাৰ প্ৰচাৰ নাই কিয় চেনেল বোৰত.... নে এই কণমানি জনীৰ জীবনৰ কোনো মূল্য নাই আপোনালোকৰ চকুত। শেষত সকলো ধর্ষণকাৰীৰ এটাই শাস্তি হব লাগে সেয়া হল #মৃত্যুদণ্ড ।

চি আৰ পি এফ দলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ; এজন জোৱান ছহিদ আৰু এটি শিশুৰ মৃত্যু

Image
চি আৰ পি এফ দলৰ ওপৰত উগ্ৰপন্থীৰ আক্ৰমণ; এজন জোৱান ছহিদ আৰু এটি শিশুৰ মৃত্যু    জম্মু-কাশ্মীৰৰ অনন্তনাগত আজি এটা চি আৰ পি এফ বাহিনীৰ দলত উগ্ৰপন্থীয়ে আক্ৰমণ কৰা ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উগ্ৰপন্থীৰ এই আক্ৰমণত চি আৰ পি এফৰ এজন জোৱান ছহিদ হোৱাৰ লগতে এটি শিশুৰো মৃত্যু ঘটে। এই পৰ্যন্ত ছহিদ জোৱানজন আৰু kশিশুটিৰ পৰিচয় লাভ কৰিব পৰা নাই। প্ৰাৰম্ভিক তথ্যৰ পৰা জানিব পৰা মতে, চি আৰ পি এপৰ এই দলটো অনন্তনাগৰ বিজবেহৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰক্ষাত নিযোজিত আছিল। এই আক্ৰমণৰ ঘটনাৰ পিছতে চি আৰ পি এফ তথা নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰি ধৰি উগ্ৰপন্থী সদস্য কেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে, সেনা বাহিনীয়ে জম্ম-কাশ্মীৰ উপত্যকাত বিগত কিছু দিনৰ পৰা উগ্ৰপন্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দৈনিক নিৰাপত্তৰক্ষী বাহিনীৰ গুলীত নিহত হৈ আছে উগ্ৰপন্থী। কাশ্মীৰ ঘাটিত উগ্ৰপন্থীৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিততে আজি চি আৰ পি এফৰ দলটোক এইদৰে আক্ৰমণ কৰে বুলি ধাৰণা কৰা হৈছে।

assamHSLCHSLC Result

www.results.sebaonline.org www.resultsassam.nic.in www.examresults.net www.examresults.net/assam www.indiaresults.comexametc.com www.newsnation.in www.newsstate.com https://iresults.netAssamjobAlerts.com www.assamResult.in www.results.siksha www.assam.siksha আৰু www.jagranjosh.com ইয়াৰোপৰি SEBA Results 2020 এপত লাভ কৰিব ফলাফল। Googole paly storeৰ পৰা ডাউনলোড কৰিব পাৰিব এই এপ। এই এপত পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল আৰু নাম্বাৰ মাৰিলে লাভ কৰিব ফলাফলৰ লগতে মাৰ্কশ্বীট। ছাত্ৰ–ছাত্ৰীসকলে এপত টাইপ কৰিব লাগিব ৰোল নাম্বাৰ, জন্মদিন আৰু চেণ্টাৰ নাম্বাৰ। assamHSLCHSLC Result 

হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি…

Image
হাজোৰ মনাহকুছিত এজন পাচলি ব্যৱসায়ীক মৰিয়াই হত্যা কৰা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাজো থানাৰ তেতেলিয়া গাঁৱৰ ৪৫ বছৰীয়া সনাতন ডেকাই আনদিনাৰ দৰেই পাচলি বিক্ৰী কৰিবলৈ গৈছিল মনাহকুছি অভিমুখে। ২২ মে’ত সনাতন ডেকাই চাইকেলখন লৈ ওলাই গৈছিল ঘৰৰ পৰা। মনাহকুছি অভিমুখে গৈ থকা সময়তে ৩নং মনাহকুছিৰ নদীপাৰত আব্দুল জলিল নামৰ এজন ব্যক্তিৰ ভেছপাৰ সৈতে তেওঁৰ চাইকেলৰ সামান্য খুন্দা লাগে। এই ঘটনাক লৈ প্ৰথমে দুয়োৰে মাজত কথাৰ কটাকটি হৈছিল যদিও, ভেছপাৰ চালক আব্দুল জলিলে বৰম্বৈত সেই কাজিয়া সন্দৰ্ভত খবৰ দিয়ে। তাৰপাছতেই উক্ত দুৰ্ঘটনাস্থলীত উপস্থিত হয়হি, ফাইজুল হক আৰু ইউচুপ উদ্দিন আহমেদ নামৰ দুজন যুৱক। তাৰপাছতে পাচলি বেপাৰী সনাতন ডেকাক ৪জন লোকে মিলি উপৰ্যুপৰি প্ৰহাৰ কৰে। এই প্ৰহাৰত পথৰ মাজতে ঢলি পৰে পাচলি বিক্ৰেতাজন। ইয়াৰ পাছত সেই পথেৰে অহা এখন মাৰুটী ৰখাই তাৰেই এজনে তেওঁক প্ৰেৰণ কৰে আমিনগাঁৱৰ জিএনআৰচিলৈ। মূৰ আৰু বুকুত যথেষ্ট দুপ পোৱা ৪৫ বছৰীয়া ব্যৱসায়ী সনাতন ডেকাই শনিবাৰৰ নিশা জিএনআৰচি হাস্পতালত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে। পাচলি ব্যৱসায়ীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে...

আজি_বৰপেটা_জিলা_AIUDF_সমিতিৰ_উদ্যোগত_আজমল_ফাউন্ডেশ্বনৰ_সাহায্য_বিতৰণ

Image
#আজি_বৰপেটা_জিলা_AIUDF_সমিতিৰ_উদ্যোগত_আজমল_ফাউন্ডেশ্বনৰ_সাহায্য_বিতৰণ।   আজমল ফাউন্ডেশনৰ তৰফৰ পৰা,ল'কডাউনৰ ফলত অভাৱগ্ৰস্থ হোৱা, বৰপেটা জিলাৰ অন্তৰ্গত সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কয়াকুছিত দুখীয়া মানুহৰ মাজত  খাদ্যবস্তু বিতৰণৰ শুভ উদ্ভোধনী কৰা হয়।  আশা কৰিছোঁ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত প্ৰতিটো পন্চায়ত কমিটিয়ে খুব সুন্দৰ ভাৱে গৰীব-দুখীয়া মানুহৰ মাজত খাদ্যবস্তু খিনি বিতৰণ কৰিব।  আজিৰ উক্ত বিতৰণ অনুষ্ঠানত উপস্হিত থাকে AIUDF দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী হুছেইন, মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা মমতাজ জাহান, সমষ্টিৰ সভাপতি আলেপ খান,সমষ্টিৰ সাধাৰণ সম্পাদক আইউব আলী আহমেদ, প্ৰাক্তন সভাপতি ময়নাল খান , সাধাৰণ সম্পাদক নজৰুল ইছলাম, যুব মৰ্চা,ছাত্ৰ মৰ্চা,মহিলা মৰ্চা সহ অন্যোন্যো নেতৃবৃন্দ। তাৰোপৰি কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা বৰপেটা জিলা সমিতিৰ মূখ্য আহ্বায়ক মুফতী শ্বামছুদ্দিন আহমেদ কাছিমী, জিলা সমিতিৰ সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুন সহ দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃনৰ উপস্হিতিত খাদ্যবস্ত্ত সমূহ বিতৰণ কৰা হয় ।

বৰ্হিঃ ৰাজ্যৰ পৰা অহা ব্যক্তিসকলৰ বাবে মুঠ ৩২ টা কোৱাৰেণ্টাইন কেন্দ্ৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়/ মহাবিদ্যালয়ত স্থাপন কৰা হৈছে ,

Image
কৰণা প্ৰতিৰোধৰ ক্ষেত্ৰত সমষ্টিৰ স্থানীয় বিধায়ক নৰেন সোণোৱাল ডাঙৰীয়াৰ লগতে অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া, নাহৰকটীয়াৰ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী ডাঙৰীয়া, নাহৰকটীয়া পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি জগদীশ ৰাজকোঁৱৰ ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী প্ৰদীপ বৰগোঁহাই ডাঙৰীয়া, চৰকাৰী বিষয়া , স্বাস্থ্য বিভাগৰ কৰ্মচাৰী , প্ৰশাসনীয় বিষয়া , বিদ্যালয় / মহাবিদ্যালয়ৰ অধ্যক্ষ/ অধ্যক্ষা আৰু কৰ্মচাৰী  আদিকে ধৰি সকলোৱে গুৰুত্বপূৰ্ণ আৰু সৱল ভূমিকা লোৱা দেখা গৈছে ।   ৰাইজলৈ এটি বিশেষ অনুৰোধ আপোনালোকে যাতে চৰকাৰ তথা প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু স্বাস্থ্য বিভাগৰ নিয়ম নীতি মানি চলে । এইয়া আমাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আমি সকলোৱে সহযোগিতা আগবঢ়ালেহে সমস্যা সমাধান কৰিব পাৰিম । বহুজনৰ বহু কষ্টৰ ফলতহে আমি এতিয়াও অকণমান নিৰপদে আছো, আমি যদি অৱহেলা কৰো বেছি সময় নালাগিব আমাৰ বিপদ আহিবলৈ । সকলোৱে সুস্থ থাকক আৰু সজাগ থাকক, অপ্ৰয়োজনীয়তাত কোনো যাতে ঘৰৰ পৰা ওলাই নাহিব , কোৱাৰেণ্টাইন কৰা মানেই Covid 19  পজিটিভ নহয় সেইয়াও মনত ৰাখিব সেয়ে কোনো লোকৰ ওপৰত মানসিক নিৰ্যাতন নচলাব ।  এইয়াই সকলোলৈ ...

মাৰ্ঘেৰিটা হৈছে অসম বক্সিংৰ কঠিয়াতলি। বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাৰ প্ৰথম গৰাকী অসমীয়া মেডেলিষ্ট Kalpana Choudhury মাৰ্ঘেৰিটাৰে ।

Image
মাৰ্ঘেৰিটা হৈছে অসম বক্সিংৰ কঠিয়াতলি। বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাৰ প্ৰথম গৰাকী অসমীয়া মেডেলিষ্ট Kalpana Choudhury মাৰ্ঘেৰিটাৰে । খেল ইণ্ডিয়া ইয়ুথ গেমছ, ২০২০ত মাৰ্ঘেৰিটাৰ চাৰিগৰাকীকৈ বক্সাৰে মেডেল লাভ কৰিছে। আজি খেল ইণ্ডিয়াত মেডেল প্ৰাপ্ত ইৰফান আলিৰ বাসগৃহত উপস্থিত হৈ লকডাউনৰ সময়চোৱাত তেওঁলোকে সন্মুখীন হোৱা পৰিস্থিতি সম্পৰ্কে আলোচনা কৰোঁ । খেলুৱৈ সকলৰ অনুৰোধ মৰ্মে লকডাউনৰ পাছত স্বাভাবিক পৰিস্থিতি ঘূৰি অহাৰ লগে লগে মাৰ্ঘেৰিটা মহাবিদ্যালয়ত খেলুৱৈ সকলৰ উন্নত প্ৰশিক্ষণৰ বাবে Centre of Excellence প্ৰতিষ্ঠাৰ বাবে মাৰ্ঘেৰিটা কলেজৰ অধ্যক্ষ DrBuddhin Gogoi আৰু অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক Hemanta Kumar Kalita সৈতে টেলিফোনিক আলোচনাযোগে সিদ্ধান্ত গ্ৰহণ কৰা হয়।আজিৰ এই আলোচনাত খেল ইণ্ডিয়াত মেডেলপ্ৰাপ্ত বক্সাৰ ইৰফান আলি, চম বাহাদুৰ থাপা, গৌৰৱ মজুমদাৰ আৰু চাহিলউদ্দিন বৰা, বুলগেৰিয়া ইয়ুথ চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেলিষ্ট জয় কুমাৰী লামা তথা বহুকেইগৰাকী উদীয়মান বক্সাৰ উপস্থিত থাকে।

জলেশ্বৰৰ স্থানীয় ৰাইজৰ অভিযোগত

Image
জলেশ্বৰৰ স্থানীয় ৰাইজৰ অভিযোগত গোৱালপাৰা জিলা বিজেপিৰ সভাপতি Himadri Das দাৰ নিৰ্দেশ মতে গোৱালপাৰা জিলা বিজেপিৰ সম্পাদক Rakesh Guptaৰ নেতৃত্বত , জলেশ্বৰ মণ্ডলৰ সভাপতি Anowar Hussain,   Mokibul Hussain, ziaur Rahman ,Mukul Ahmed আদিয়ে কাঠুৰী আৰু টাকিমাৰীত ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়া প্ৰত্যক্ষ কৰো ৷ কাঠুৰী আৰু টাকিমাৰী গড়াখহনীয়া ৰোধ কৰাৰ কাৰণে চৰকাৰে আৱণ্টন দিয়া 1,5 কোটি টকাৰ বেছিভাগ হৰলুকি হোৱা বুলি অভিযোগ উঠিছে  ৷ আমি বিজেপিৰ কৰ্মীয়ে পৰিদৰ্শন কালত ৰাইজে অভিযোগ কৰা মতে টাকিমাৰীৰ পৰা কাঠুৰী লৈ 7 টা  ঠাইত 50/60 টা কৈ পাৰ্কুপাইন পেলাই 1,5 কোটি টকা আত্মসাৎ কৰি আছে ৷ কামৰ নাম ফলকত ঠিকাদাৰৰ নাম উল্লেখ নাই যদিওঁ ঠিকাদাৰ গৰাকী গুৱাহাটীৰ মানুহ হয় ৷ এই জন ঠিকাদাৰক দূৰ্নীতি কৰিবলৈ স্থানীয় কেইজন মান মানুহে হাত উজান দিয়া বুলি অভিযোগ উঠিছে ৷ 7 টা স্থানত পাৰ্কুপাইন পেলোৱা চিহ্ন হিচাপে মানুহে দেখা কৰি কিছু পাৰ্কুপাইন পেলোৱা হৈছে ৷ ৰাইজে অভিযোগ কৰা মতে পানীৰ ওপৰতে পাৰ্কুপাইন পেলোৱা হৈছে কিন্তু পানীৰ তলত দুই - চাৰিটাৰ বেছি পাৰ্কুপাইন পেলোৱা হোৱা নাই ৷ ভাৱিলে আচৰিত লাগে টকাৰ সচাঁকৈ কোনো ম...

শ্ৰমিকক লৈ যোৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু

Image
আজি পুৱতি নিশা মধ্যপ্ৰদেশৰ গুণা জিলাৰ ৰাজপথত এখন বাছ আৰু ট্ৰাকৰ মুখামুখি দুৰ্ঘটনা সংঘটিত হয়। জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে, মুম্বাইৰ পৰা উত্তৰ প্ৰদেশ অভিমুখী ট্ৰাকখনে ৬০ জনতকৈ অধিক শ্ৰমিক কঢ়িয়াই  নিছিল। বিপৰীতমুখী যাত্ৰীবিহীন বাছখনৰ সৈতে হোৱা দুৰ্ঘটনাটোত তাৰে আঠজন (৮) জন শ্ৰমিকৰ থিতাতে মৃত্যু হয় আৰু  আন ৫৫ জন শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে। অধিকাংশ শ্ৰমিক উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ পৰা আছিল বুলি জানিব পৰা গৈছে। কিছু সময়ৰ পিছতে আৰক্ষী, চিকিৎসক আৰু উদ্ধাৰকাৰী বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

দুখীয়াৰ বাবে আৰ্থিক পেকেজত একো নাই- পি চিডাম্বৰম

Image
দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি. চিদাম্বৰমে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজক লৈ কয় যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে বৰ্তমান সময়ত ভোকত থকা দুখীয়া মজদুৰ, যিসকল ভোকত খোজকাঢ়ি ঘৰলৈ ঢাপলি মেলিছে, সেইসকলক লৈ এটাও কথা নক’লে। ভাৰতৰ ১৩ কোটি দুখীয়া পৰিয়ালৰ বেংক একাউণ্টত নগদ টকা ট্ৰেন্সফাৰক লৈ একো কথা নক’লে আৰু তেওঁলোকক মৃত্যৰ মুখলৈ ঠেলি দিয়া হৈছে। চিদাম্বৰমে পুনৰ কয় – ” বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে MSME ৰ বাবে কিছু ঘোষণা কৰিলে, এই বিষয়ত মোৰ এইটো ক’বলগীয়া আছে ডাঙৰ MSME (প্ৰায় 45 লাখ)ৰ পক্ষত অধিক সমৰ্থন আৰু উপায়ৰ কথা ঘোষণা কৰা হ’ল। মই ভাবো, 6.3 কোটি MSME ক লৈ একো কোৱা নহ’ল। আমি চাবঅৰ্ডিনেট লোন আৰু ইকুইটি কৰ্পছ ফাণ্ডৰ সমৰ্থন জনাইছোঁ, কিন্তু নিয়ম আৰু চৰ্ত কি হ’ব, তাৰ অপেক্ষাত আছোঁ। বাকী 16.4 লাখ কোটি টকা ক’ত আছে? এই চৰকাৰে নিজেই অজ্ঞানতা আৰু ভয়ত বন্ধ হৈ আছে। চৰকাৰে অধিক খৰছ কৰিব লাগিব, কিন্তু চৰকাৰে সেইটো কৰিব বিচৰা নাই। চৰকাৰে অধিক ধাৰ ল’ব লাগিব, কিন্তু চৰকাৰে সেই কাম কৰিব বিচৰা নাই। চৰকাৰে ৰাজ্য সমূহক অধিক ঋণ লবলৈ আৰু অধিক খৰছ কৰিবলৈ অ...

সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি হিন্দু লোকৰ অন্তিম সংস্কাৰৰ বাবে আগবাঢ়ি আহিল মুছলমান যুৱক

Image
যিসময়ত  COVID19 সংক্ৰমণৰ আশংকাত কোনো ব্যক্তি এজন আন এজনৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত আছে,  অথবা সাহস কৰা নাই,  সেই সময়ত কেৰেলাৰ ১০ জন মুচলমান যুৱকে এটা হিন্দু ব্ৰাহ্মণ পৰিয়াললৈ নিঃস্বাৰ্থ ভাৱে সহায় আগবঢ়াইছে।  “Corona Warriors” ৰূপে পৰিচিত এই যুৱককেইজনে টিলক পাৰ্ক আৰক্ষী চকীৰ সহযোগত আঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালসমূহলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰে। মংগলবাৰে সেই অঞ্চলৰ  K.H.B কলনিৰ এটি হিন্দু পৰিয়ালৰ নৰনাৰায়ণ ৰাও নামৰ এজন বয়ষোষ্ঠ ব্যক্তিৰ মৃত্যু হয়। লকডাউনৰ বাবে পৰিয়ালৰ কোনো ব্যক্তি আহিব নোৱাৰিলে, কিয়নো COVID19ত আক্ৰান্ত হৈ K.H.B কলনিৰ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত অঞ্চলটো সম্পূৰ্ণভাৱে ছীল কৰি ৰখা হৈছিল। সেয়েহে নৰনাৰায়ণৰ পুত্ৰই ক’ৰ’ণা যোদ্ধা সকলক খবৰ দিয়ে। তেওঁলোকৰে এজন মহম্মদ খালিদে দ্য হিন্দু টাইমছক জনায়, তেওঁলোকে মৃত ব্যক্তিজনক অন্তিম সংস্কাৰৰ বাবে ঘৰৰ চৌহদৰ পৰা এম্বুলেঞ্চলৈ কঢ়িয়াই নিয়ে। একে চুবুৰীত থকা স্বত্বেও মৃত ব্যক্তিজনৰ ভাতৃ আৰু ভতিজাসকল অন্তিম সংস্কাৰৰ বাবে আহিবলৈ অস্বীকাৰ কৰে। যদিও নৰনাৰায়ণ ৰাওৰ কৰোণা পৰীক্ষাত নিগেটিভ ওলাইছিল। তথাপি তেওঁল...

মাহে ১৫ হাজাৰতকৈ কম দৰমহা পোৱা সকলৰ বাবে ডাঙৰ ঘোষণা বিত্তমন্ত্ৰীৰ

Image
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশবাসীৰ কল্যানৰ বাবে ২০ লাখ টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল। এই পেকেজৰ সম্পৰ্কত বুধবাৰে বিত্তমন্ত্ৰী নৰ্মলা সীতাৰমণৰ সংবাদমেল। সংবাদমেলত বিত্তমন্ত্ৰীয়ে কোৰোণাৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা দেশৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে বহু কেইটা গুৰুতত্বপূৰ্ণ ঘোষণা কৰে। MSMEক ৩ লাখ কোটিৰ লোন প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। সেইদৰে এই লোনৰ ম্যাদ থাকিব চাৰি বছৰ। আজিৰ সংবাদমেলত বিত্তমন্ত্ৰীয়ে কৰ্মচাৰীৰ বাবেও বিশেষ ঘোষণা কৰে।  বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, ১৫ হাজাৰতকৈ কম দৰমহা পোৱা সকলক সহায় কৰিব চৰকাৰে। দৰমহাৰ ২৪ শতাংশ চৰকাৰে পি এফত জমা কৰিব। আগন্তুক তিনি মাহৰ বাবে চৰকাৰে আগবঢ়াব এই সাহায্য। বিত্তমন্ত্ৰীয়ে লগতে কয় যে, ই পি এফত প্ৰদান কৰা সকাহৰ সীমা আগন্তুক তিনি মাহৰ বাবে বৃদ্ধি কৰা হ’ব। যি আগতে কেৱল মাৰ্চ, এপ্ৰিল আৰু মে’ লৈকে আছিল। বিত্তমন্ত্ৰীৰ আন কেতবোৰ ঘোষণা-  .MSME কৰ্মচাৰীৰ পি এফৰ বাবে বিশেষ দুটা পদক্ষেপ। .সংকটত পৰা MSME উদ্যোগৰ বাবে ২০ হাজাৰ কোটি টকাৰ ঋণ। .এনে পদক্ষেপৰ বাবে ৪৫ লাখ MSMEয়ে সকাহ পাব। .MSMEক ই-মাৰ্কেটৰ সৈতে সংলগ্ন কৰা হ’...

#নিজ কন্যাক পিতৃয়ে সংঘটিত কৰিলে জঘন্য কাণ্ড…

Image
#দাপোণ #NEWS_অসম: #নিজ কন্যাক পিতৃয়ে সংঘটিত কৰিলে জঘন্য কাণ্ড… #মঙলবাৰে মঙ্গলদৈত সংঘটিত হয় এক বৰ্বৰ জঘন্য কাণ্ড । মঙলদৈৰ ন হাউলি ত নিজ পিতৃয়ে দীৰ্ঘ দিন ধৰি যৌন নিৰ্যাতন চলাই আহিছিল নিজৰ ঔৰষজাত কন্যাক। পিতৃয়ে নিজ কন্যাক বহু দিনৰ পৰাই যৌন নিৰ্যাতন চলাই আহিছিল বুলি ভুক্তভোগী ছোৱালী জনীয়ে প্ৰকাশ কৰে । ঘৰৰ আন কোনো সদস্যক এই কথা প্ৰকাশ কৰিব নোৱাৰি শেষত পঞ্চম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী জনীয়ে বিদ্যালয়ৰ শিক্ষকক হোৱাটচ্এপ যোগে জনাইছিল এই নিৰ্যাতন কথা । ওচৰ চুবুৰীয়া ৰাইজে এই কথা জানিব পাৰি উত্তেজিত হৈ পৰে আৰু যৌন নিৰ্যাতন কাৰীৰ ঘৰ ভাঙি পেলায়। শেষত  ঘটনাৰ তথ্য লাভ কৰি মঙ্গলদৈ আৰক্ষীয়ে নিৰ্যাতন কাৰী #টটয়া ৰয় ওৰফে #নগেন ৰয় ক আটক কৰি মঙলদৈ থানালৈ লৈ আহে । নিৰ্যাতন কাৰী #টটয়া ৰয় এজন পেছাত ৰাজমিস্ত্ৰীৰি । টটয়া ৰয় বহু দিনৰ পৰা গুৰুকুল নামৰ বিদ্যালয় খনত ৰাজমিস্ত্ৰীৰ হিচাপে কাম কৰি আছিল ।

LockDown ৰ সময়ত নন্দিতা দাসৰ এটাৰ পিছত আনটো প্ৰশংসনীয় পদক্ষেপ ।

Image
LockDown ৰ সময়ত নন্দিতা দাসৰ এটাৰ পিছত আনটো প্ৰশংসনীয় পদক্ষেপ । বকোৰ বিভিন্ন অঞ্চলত দুখীয়া শ্ৰেণীৰ লোকৰ লগতে শাৰীৰিক ভাবে অক্ষম আৰু শিল্পী সকলৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী । পূৰ্বেও নন্দিতা দাসে বকোৰ বিভিন্ন অঞ্চলত মাস্কৰ লগতে LockDownৰ ফলত খাদ্য সংকটত ভোগা বকোৰ প্ৰায়বোৰ দুখীয়া পৰিয়ালক সহায় কৰি আহিছে ।

চৰকাৰৰ নতুন শ্ৰমিক নীতিৰ বিৰুদ্ধে যোৰহাটত AICCTU-ৰ দাবী দিৱস ৰূপায়ণ

Image
বৰ্তমান চৰকাৰে ৰূপায়ণ কৰিব বিচৰা নতুন শ্ৰমিক নীতিৰ বিৰুদ্ধে আজি AICCTU ৰ কেন্দ্ৰীয় সমিতিয়ে আহ্বান জনোৱা দাবী দিৱস যোৰহাট জিলা সমিতিয়েও ৰূপায়ণ কৰে। যোৰহাট জিলা সমিতিয়ে টীয়কৰ বৈদিহা ফেছুৱাল তিনি আলি কাৰ্যালয় প্ৰাংগণত এই দাবী দিৱস ৰূপায়ণ কৰে। দাবী দিৱসৰ দাবী সমূহ আছিল শ্ৰমিক কৰ্মচাৰীৰ দৈনিক কৰ্ম সময় ৮ ঘন্টাৰ ঠাইত ১২ ঘন্টা কৰা সিদ্ধান্ত বাতিল কৰা, শ্ৰম আইন উলংঘা বন্ধ কৰা, চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি বন্ধ কৰা, শ্ৰমিকক গোলাম বনাই মজুৰিৰ মৰ্যদা কামৰ অধিকাৰৰ পৰা বঞ্চিত কৰা চক্ৰান্ত বন্ধ কৰা,  চাহ বাগিচা লাইনত চেনিটাজাৰ দিয়াৰ ব্যৱস্থা কৰা, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়া। কাৰ্যসূচীত AICCTU ৰ কেন্দ্ৰীয় কাৰ্যকৰী সদস্য, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক জিতেন তাঁতী, সংঘৰ টীয়ক চাৰ্কোল সমিতিৰ সম্পাদক ৰামেশ্বৰ ক’ল উপস্থিত থকে। ইয়াৰ উপৰি উপস্থিত থাকে কেন্দ্ৰীয় সদস্য জেঠুল কৃন্দাল চাওৰ, চি পি আই (এম-এল) লিবাৰেচন দলৰ যোৰহাট জিলা সমিতিৰ সম্পাদক নোমল কুমাৰ চাওঁৰা, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ যোৰহাট জিলা সমিতিৰ সম্পাদিকা ৰাহিল মুণ্ডা, বিপ্লবী যু্ৱ সন্থা জিলা সভাপতি পবিত্র নায়ক, সদস্য বি...

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ফুটবল ষ্টাৰ মেছীয়ে আগবঢ়ালে ৫ লাখ য়ুৰো ডলাৰ

Image
আৰ্জেণ্টিনাৰ ষ্টাৰ ফুটবলাৰ লিয়’নেল মেছীয়ে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ নিজৰ দেশৰ এখন চিকিৎসালয়ক ৫ লাখ য়ুৰো ডলাৰ প্ৰদান কৰিছে। এটা নিউজ এজেন্সিৰ পৰা জানিব পৰা মতে মেছীয়ে ৫ লাখ ৪০ হাজাৰ ডলাৰ চিকিৎসালয়খনক প্ৰদান কৰিছে ফুটবলাৰ গৰাকীয়ে আগবঢ়োৱা এই ধন ৰশিৰে চিকিৎসালয়খনে স্বাস্থ্য কৰ্মীসকলৰ সুৰক্ষা সম্বন্ধীয় সামগ্ৰীৰ লগতে পি পি ই কিট ক্ৰয়ৰ বাবে ব্যয় কৰিব। কাছা গৰহনৰ পৰিচালন সঞ্চালক ছিলবিয়া কছাবে কয়, ‍‘এই সহায়ে আমাৰ স্বাস্থ্যখণ্ডক যথেষ্ট উপকৃত কৰিব’। তেওঁ লগতে কয়, ‍‘মেছীয়ে আগবঢ়োৱা অৰ্থৰে চিকিৎসালয়ৰ বাবে ভেণ্টিলেশ্যনৰ সামগ্ৰীৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী অতি শীঘ্ৰে ক্ৰয় কৰা হ’ব। ইয়ে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজি থকা লোকসকলক উপকৃত কৰিব’। আৰ্জেণ্টিনাৰ এই গৰাকী মহান ফুটবলাৰে ইয়াৰ পূৰ্বে মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ স্পেইনৰ বাৰ্ছিলোনাৰ এখন চিকিৎসালয়ক ১০ লাখ য়ুৰো প্ৰদান কৰিছিল। চিকিৎসালয় কৰ্তৃপক্ষই এই কথা নিজেই টুইটাৰযোগে ঘোষণা কৰিছিল।

বলিউডৰ এইজন অভিনেতাই প্ৰৱাসী শ্ৰমিকক যোগান ধৰিছে ১০ খন বাছ

Image
সমগ্ৰ ভাৰততে লকডাউন প্ৰযোজ্য থকাৰ ফলত বহু প্ৰবাসী শ্রমিক ৫০০-৬০০ কিলোমিটাৰ খোজকাঢ়ি  ঘৰলৈ গৈ থকাৰ দৃশ্য আমি যোৱা কিছু দিনৰ পৰা দেখি আহিছো। বহু শ্ৰমিকে যোৱাৰ চেষ্টা কৰি আছে যদিও অসুবিধাত পৰি যাব পৰা নাই। ভাল খবৰ যে অসুবিধাত পৰা শ্ৰমিকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বলিউডৰ অভিনেতা চনু চুড। হিন্দুস্তান টাইমছত প্ৰকাশ পোৱা বাতৰি অনুসৰি মহাৰাষ্ট্ৰত বন্দী হৈ থকা  প্ৰৱাসী শ্ৰমিক সকলক ঘৰলৈ পঠোৱাৰ বাবে বলিউদৰ অভিনেতা চনু চুডে ১০ খন বাছ যোগাৰ কৰিছে আৰু লগতে খাদ্য বস্তুৰো যোগান ধৰিছে। মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক চৰকাৰৰ পৰা অনুমতি লাভ কৰাৰ পাছতেই মহাৰাষ্ট্ৰৰ থানেৰ পৰা কৰ্ণাটকৰ গোলবাৰ্গালৈ ৰাওনা হৈছে বাছকেইখন। বলিউদৰ অভিনেতা চনু চুডে কয় যে বৰ্তমান দেখা দিয়া মহামাৰীৰ সময়ত সকলো লোক নিজৰ পৰিয়ালৰ লগত থকাটো এটা দায়িত্ব। অভিনেতাজনে এই প্ৰৱাসী শ্ৰমিক সকলক যাবলৈ আৰু আদৰিবলৈ অনুমতি দিয়াৰ বাবে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক চৰকাৰক ধন্যবাদ জনাইছে। তেওঁ কয় যে ” শ্রমিক সকলে যেনেকৈ কণ কণ শিশুৰ লগত খোজকাঢ়ি ঘৰলৈ গৈ আছে, তাক প্ৰত্যক্ষ কৰাটো অসহনীয়। মই যিমানলৈকে কৰিব পাৰো এই কাম কৰি যাম।”

৭ বছৰে সম্পূৰ্ণ নহ’ল বকোৰ নামপথাৰ-শিঙুৱা জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ কাম, খেতিয়কৰ আশাত চেঁচাপানী, নিজে কৰিছে

Image
জলসিঞ্চন বিভাগৰ মন্ত্ৰী গৰাকীয়ে অসমত নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ থকা মথাউৰী, জলসিঞ্চল প্ৰকল্পৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিব বুলি দাঙ্কোপেৰে ঘোষণা কৰিছিল যদিও কামৰূপ জিলাৰ বকোৰ অসম্পূৰ্ণ হৈ থকা নামপথাৰ-শিঙুৱা জলসিঞ্চন প্ৰকল্পটোৰ কাম আজিলৈকে সম্পূৰ্ণ নহ’ল। ইয়াৰ পৰিবৰ্তে খেতিয়ক ৰাইজে সংঘবদ্ধ হৈ প্ৰকল্পটো নিৰ্মাণ কৰাত লাগিছে। ৪৮নং বকো বিধান সভা সমষ্টিৰ শিঙুৱা নদীৰ পানী খেতিপথাৰলৈ বোৱাই নিয়াৰ বাবে নামপথাৰ খেতিপথাৰত ২০১৩-১৪ইং বৰ্ষত নামপথাৰ-শিঙুৱা জলসিঞ্চন প্ৰকল্প নামেৰে প্ৰকল্প এটাৰ নিৰ্মাণ আৰম্ভ কৰে জলসিঞ্চন বিভাগে। শিঙুৱা নদীৰ বুকুত১৫খন দুৱাৰ সংলগ্ন এই জলসিঞ্চন প্ৰকল্পটোৰ জৰিয়তে খেতিপথাৰলৈ পানী বৈ যাৱ আৰু সেই পানীৰ সহায়ত খেতিয়ক ৰাইজে বৰষুণৰ ওপৰত আশা নকৰি নৈখনৰ পানীৰে সকলো সময়তে নদন বদন খেতি কৰিব পাৰিব বুলি সপোন দেখিছিল। দুখৰ বিষয় জলসিঞ্চন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ঠিকাদাৰলৈকে প্ৰকল্পটোৰ নামত আবন্টিত ধনৰ সিংহভাগ আত্মসাৎ কৰাৰ ফলত আৰম্ভণিৰে পৰা প্ৰকল্পটোৰ নিৰ্মাণত ব্যাপক খেলি-মেলিৰ সৃষ্টি হয়। জলসিঞ্চন প্ৰকল্পটোৰ নিৰ্মাণত অতি নিম্ন মানদণ্ডৰ হোৱাত আগদিনা কৰা কাম পিছদিনা খহি পৰাটো যেন ...

যেনে কৰ্ম তেনে ফল, সোণাৰিত কিহৰ বাবে ব্যৱসায়ীক কাণত ধৰা আঁঠু কঢ়ালে ৰাইজে?

Image
দাপোণ নিউজ (বৰপেটা ৰোড):: চৰাইদেউ জিলাৰ সোণাৰিত নাবালিকাক বলাৎকাৰ কৰাৰ অপচেষ্টা লম্পট ব্যৱসায়ীৰ।আইদেউ বাৰী বাগিচাৰ গেলামালৰ ব্যৱসায়ী বম বাহাদুৰ নেৱাৰে ব্যৱসায়িক প্ৰতিষ্ঠানত সামগ্রী ক্ৰয় কৰিবলৈ অহা এগৰাকী ১১ বছৰীয়া নাবালিকাক বলাৎকাৰৰ চেষ্টা চলাই যদিও কথমপি ৰক্ষা পৰে নাবালিকাগৰাকী। সোণাৰি নগৰৰ সমীপৰ আইদেউবাৰী চাহ বাগিচাৰ নিবাসী বাম বাহাদুৰ নেৱাৰ নামৰ ব্যৱসায়ীজনৰ দোকানলৈ আহিছিল নাবালিকাগৰাকী। দোকানত আন গ্ৰাহক নথকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰীগৰাকীক ফুচুলাই নি যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা চলাই লোকজনে। কণমানিজনীয়ে চিঞৰ–বাখৰ কৰাত ওচৰৰ লোকসকল ঘটনাস্থলীত উপস্থিত হোৱাত কণমানিজনীয়ে সকলো কথা বিৱৰি কয়। ৰাইজে লম্পটটোক কৰায়ত্ত কৰি কাণত ধৰাই উঠা–বহা কৰোৱাই উত্তম–মধ্যম শোধাই সোণাৰি আৰক্ষীক গতাই দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও লম্পটটোৱে এনে ধৰণৰ কার্য সংঘটিত কৰি ৰাইজৰ ৰোষত পৰাৰ উদাহৰণ আছে বুলি জানিবলৈ দিছে অঞ্চলটোৰ ৰাইজে।

BREAKING News অসম পালেহি জুবিন গাৰ্গ। মুম্বাইৰ পৰা বিশেষ বাছেৰে পত্নীসহ মাজনিশা প্ৰায় ২:৩০ বজাত সৰুসজাইত

Image
দাপোণ নিউজ (বৰপেটা ৰোড): অসম পালেহি জুবিন গাৰ্গ। মুম্বাইৰ পৰা বিশেষ বাছেৰে পত্নীসহ মাজনিশা প্ৰায় ২:৩০ বজাত সৰুসজাইত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী। ইয়াৰ পিছতে  হোটেল ৰেডিছন ব্লু'ত কোৱাৰেণ্টাইনত ৰখা হৈছে জুবিন গাৰ্গসহ আটাইকে। #. দাপোণ নিউজ #COVID19 #CoronavirusOutbreak #AssamFightsCOVID19 #ZubeenGarg 

আজি “আন্ত:ৰাষ্ট্ৰীয় নাৰ্চ দিৱস”

Image
 দাপোণ নিউজ ( বৰপেটা ৰোড )আজি “আন্ত:ৰাষ্ট্ৰীয় নাৰ্চ দিৱস” উপলক্ষে প্ৰতিগৰাকী নাৰ্চক অসম অলিম্পিক সন্থাই প্ৰতিগৰাকী নাৰ্চক আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।  কৰণা মহামাৰীৰ যুঁজখনত নাৰ্চ সকলৰ নীৰৱছিন্ন সেৱাই নিৰ্ণায়ক ভূমিকা পালন কৰিছে । Sarbananda Sonowal  Himanta Biswa Sarma

আগন্তুক ৪৫ দিনত বহিঃৰাজ্যৰ পৰা অসমলৈ আহিব প্ৰায় ১০ হাজাৰ লোকঃ স্বাস্থ্যমন্ত্ৰী

Image
 (বৰপেটা ৰোড) নিউজ : আগন্তুক ৪৫ দিনৰ ভিতৰত প্ৰতিখন ৰাজ্যলৈ বহিঃৰাজ্যৰ পৰা আহিব প্ৰায় ১০ হাজাৰ লোক । এই লোক সকলক ৰখা হ’ব নিজ নিজ সমষ্টিত । মহাবিদ্যালয়, ক্লাৱ বা আন স্থানত নিজ সমষ্টিৰ বিধায়কে ৰাখিব এই লোকসকলক । এই ক্ষেত্ৰত সহায় লোৱা হ’ব স্থানীয় সংগঠনৰো । ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ’ব লোকসকলক । ১৪ দিনর পাছত যদি লক্ষণ দেখা দিয়ে তেন্তে নমুনা সংগ্রহ কৰা হ’ব আৰু নমুনাত ক’ভিড-১৯ ত আক্ৰান্ত বুলি ধৰা পৰে, তেতিয়া তেওঁলোকক উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱা হ’ব । আজি কাকডোঙাৰ স্ক্ৰীণিং চেণ্টাৰ পৰিদৰ্শন কৰি এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে- কাইলৈ প্ৰায় ১২০০ লোকক লৈ দিল্লীৰ পৰা ডিব্ৰুগড়লৈ আহিব এখন যাত্ৰীবাহি ৰে’ল । যাত্ৰীসকলক ক’ত ক’ত ৰখা হ’ব তাৰ বাবে ইতিমধ্যে প্ৰক্ৰিয়া সম্পন্ন কৰিছে স্বাস্থ্য বিভাগে । বঙাইগাঁও, গুৱাহাটী, লামডিং, মৰিয়ণি, ডিব্ৰুগড় আদি স্থানত যাত্ৰীসকল নমাৰ লগে লগেই তেওঁলোকক নিজ নিজ জিলালৈ প্ৰেৰণ কৰা হ’ব আৰু তেওঁঁলোকক কোৱাৰেণ্টাইনত ৰখা হ’ব বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

#BIG_BREAKING :দেশৰ মাননীয় মুখ্যমন্ত্ৰীসকলৰ সৈতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভিডিঅ' কনফাৰেন্সযোগে হোৱা বৈঠক সমাপ্ত ।

Image
SANIDUL MAMUD:দেশৰ মাননীয় মুখ্যমন্ত্ৰীসকলৰ সৈতে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভিডিঅ' কনফাৰেন্সযোগে হোৱা বৈঠক সমাপ্ত । বৈঠকত লোৱা হল কেইবাটাও বৃহৎ সিদ্ধান্ত । আগন্তুক দিনত কৰ'ণাৰ বিৰুদ্ধে যুজখনক কিদৰে আগুৱাই নিয়া হ'ব,লকডাউনৰ ফলত ক্ষতি হোৱা দেশৰ অৰ্থনীতি কিদৰে পুনৰুজ্জীৱিত কৰা হ'ব তাৰ ওপৰত বৈঠকত অংকণ কৰা হয় ৰূপৰেখা । এই সংকটৰ সময়ত দেশৰ নীতি নিৰ্ধাৰণত মাননীয় প্ৰধানমন্ত্রী ডাঙৰীয়াৰ নেতৃত্বত মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়ায়ো অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । গৌৰৱ অনুভৱ কৰিছো ।

কোৱাৰান্টাইনত থকা মুছলমানক গাঁওৰ বাহিৰলৈ পঠোৱাৰ আহ্বান বিজেপি বিধায়কৰ

Image
SANIDUL MAMUD: মুজাফৰনগৰৰ খতৌলীৰ বিজেপি বিধায়ক বিক্ৰম সেনীয়ে গাঁৱৰ মছজিদত ৰখা জামাতীসকলক উলিয়াই পঠাবলৈ প্ৰশাসনক অনুৰোধ জনাইছে। COVID19 ৰ বৰ্ধিত সংক্ৰমণৰ মাজতে বিভিন্ন ৰাজনৈতিক নেতাই কৰা বিভিন্ন মন্তব্যই বিতৰ্কৰো সূত্ৰপাত কৰি থকাৰ মাজতে খতৌলিৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ খতৌলী সমষ্টিৰ বিধায়ক বিক্ৰম সেনীয়ে তবলিগী জামাতক আক্ৰমণ কৰিছে। তেওঁ জিলাখনৰ মেজিষ্ট্ৰেটক কয়, তবলিগী জামাতৰ যিসকল লোকক গাঁৱৰ মছজিদত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে তেওঁলোকক গাঁৱৰ বাহিৰলৈ উলিয়াই পঠিয়াব লাগে। তেওঁ  সমষ্টিৰ লোকসকলৰ সুৰক্ষা বিচাৰে বুলি জানিবলৈ দিয়ে। সেনীয়ে ফোনযোগে সংবাদ মাধ্যমক জনায়,  প্ৰশাসনে  ২৭ এপ্ৰিলৰ পৰা ১১ জন জামাতিক মছজিদটোত কোৱাৰেন্টাইন কৰি ৰাখে। তেওঁলোকৰ দুজন পজিটিভ ওলোৱাত ৭ মে’ৰ পৰা পুনৰ দুসপ্তাহলৈ কোৱাৰেণ্টাইন বৃদ্ধি কৰে। তাৰপিছতে অঞ্চলটোৰ লোকসকলে দাবী জনায় যে কেন্দ্ৰটো গাঁৱৰ বাহিৰত স্থাপন কৰিব লাগে।  কিন্তু মন কৰিবলগীয়া যে জামাতীসকলক লৈ এনে মন্তব্য কৰা সেনীয়ে বিজেপিৰ একমাত্ৰ বিধায়ক নহয়। ইয়াৰ আগেয়েও দিল্লী ভাজপাৰ অধ্যক্ষ মনোজ তিৱাৰী , উত্তৰ প্ৰদেশৰ...