Posts

Showing posts from 2021

ছিপাঝাৰৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালক ৬ বিঘাকৈ ভূমি আবন্টন দিয়ক চিপাঝাৰৰ গৰুখুটি উচ্ছেদৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিধায়ক আশ্ৰাফুল হুছেইনৰ

Image
 ছিপাঝাৰৰ উচ্ছেদিত প্ৰতিটো পৰিয়ালক ৬ বিঘাকৈ ভূমি আবন্টন দিয়ক দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰত প্ৰশাসনে কৰা অমানৱীয় উচ্ছেদ কাৰ্যক আমি নীতিগতভাৱে বিৰোধ কৰিছোঁ। ক'ভিড পৰিস্থিতি আৰু বান-বৰষুণৰ বতৰত শিশু-বৃদ্ধা লোকৰ কথা চিন্তা নকৰাকৈয়ে অমানৱীয় উচ্ছেদ কৰি তাৰ পৰা ছেডিষ্টিক আনন্দ লোৱাটো অত্যান্ত গৰিহণা যোগ্য। তথাকথিত থলুৱা যুৱকক সংস্থাপনৰ নামত এনেদৰে কৰা উচ্ছেদ কাৰ্য মানৱ অধিকাৰৰ প্ৰতি চূড়ান্ত ভেঙুচালি। যিসময়ত চৰকাৰে গৰাখহনীয়াপীড়িত ভূমিপট্টা প্ৰদান কৰি সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল তাৰ বিপৰীতে এইসকল সৰ্বস্বান্ত লোকসকলক গৃহহীন কৰাটোৱে চৰকাৰৰ অমানৱীয় দৃষ্টি আৰু মেৰুকৰণৰ ৰাজনীতিৰ কথা উদঙাই দিয়ে। তাৰোপৰি বিদেশী নাগৰিকক ৰঙা দলিচা পাৰি আনি ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ বিপৰীতে ভাৰতীয় নাগৰিকক দেশৰ মাটিৰ পৰা উচ্ছেদ কৰা কাৰ্য্য কল্যাণকামী ৰাষ্ট্ৰৰ পৰিপন্থী। চৰকাৰৰ এনে অমানৱীয় আচৰণত ৰাজ্যৰ বুদ্ধিজীৱি সমাজে নিৰবতা অৱলম্বন কৰাটো চিন্তনীয় বিষয়। আজি সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ ৫ জন বিধায়ক ক্ৰমে মাননীয় অধিবক্তা আমিনুল ইছলাম, মাননীয় বিধায়ক ছুজাম উদ্দিন লস্কৰ, মাননীয় বিধায়ক মজিবুৰ ৰহমান আৰ...

অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী মাননীয় পিয়ুষ হাজৰিকা ডাঙৰীয়াই চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত বহৰি অঞ্চলৰ গৰাখহনীয়াৰ সমস্যাৰ বুজ লয়।

Image
 অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী মাননীয় পিয়ুষ হাজৰিকা ডাঙৰীয়াই চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত বহৰি অঞ্চলৰ গৰাখহনীয়াৰ সমস্যাৰ বুজ লয়। ইতিহাস প্ৰসিদ্ধ তথা সত্ৰ-সংস্কৃতিৰ চহকী বহৰি অঞ্চলৰ গৰাখহনীয়া সমস্যাৰ সমাধান কল্পে এই এলেকাটোত এক-ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যত প্ৰতিৰোধ গঢ়ি তুলিবলৈ বিভাগীয় ভাৱে কাম কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।  তেওঁৰ এই ভ্ৰমণকালত চেঙা সমষ্টিবাসীৰ হৈ  বিদায়ক আশ্রাফুলে   একাধিক প্ৰকল্পৰে দক্ষিণ পূব বৰপেটা অঞ্চলৰ গৰাখহনীয়া সমস্যাৰ সমাধানৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰো। আমি আশা কৰিছোঁ ৰৌমাৰীৰ পৰা পাজাৰভাঙালৈ আৰু মৰিছাকান্দিৰ পৰা খোলাবান্ধালৈ, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ এই বৃহত্তৰ এলেকাত বিজ্ঞানসন্মত আৰু আধুনিক প্ৰযুক্তিৰে কাম কৰি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব। এই পৰিদৰ্শন কালত বাঘবৰ সমষ্টিৰ মাননীয় বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়া, বৰপেটা সমষ্টিৰ মাননীয় বিধায়ক আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়া, অসম উদ্যগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ ডাঙৰীয়া, বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল ডাঙৰীয়া, জলসম্পদ বিভাগৰ জ্যেষ্ঠ অভিযন্তাকে আদি কৰি অন্যান্য বিষয়ববীয়া উপস্...

বৰপেটাৰোডত মোবাইল চোৰ আটক

Image
বৰপেটাৰোডৰ খৈৰাবাৰীত এজন মোবাইল চোৰক নগদ ধন সহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা চোৰজন হৈছে খৈৰাবাৰীৰ নামপাৰাৰ মইদুল ৷ এইজন মইদুলে খৈৰাবাৰীৰ ৰাজু মটৰ গেৰেজত চিলিং কাটি সোমাই নগদ ধনৰ লগতে এটি মোবাইল চেট চুৰি কৰি লৈ গৈছিল ৷ বৰপেটাৰোড আৰক্ষীয়ে মইদুলক আটক কৰি নগদ ১০ হেজাৰ টকা আৰু চুৰ কৰি নিয়া মোবাইলটো জব্দ কৰিবলৈ সক্ষম হয়

বৰপেটাৰোডত ৪ জন খাৰুৱা তেল চোৰ আটক

Image
বৰপেটাৰােড চহৰৰ প্রায় ৫ কিলােমিটাৰ আঁতৰত অৱস্থিত মেচপাৰা অঞ্চল । এই অঞ্চলৰে হাছমত আলী নামৰ ব্যক্তি এজনৰ মাটিত মহিৰুদ্দিন , ৰাইজুদ্দিন নামৰ ব্যক্তিত্বয়ে টিন পাটৰ বেৰ দি আৰম্ভ কৰিছিল তেল চুৰি কাৰ্য্য ৷ কিয়নাে এই টিনাৰ বেৰৰ এলেকাইদি পাৰ হৈ হৈছিল অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল সৰবৰাহ কৰা বৃহৎ পাইপ । চক্ৰটোৱে নিশাৰ অন্ধকাৰৰ সুযােগতে এই পাইপ ফুটা কৰি খাৰুৱা তেল সংগ্রহ কৰি বিক্ৰী কৰি আহিছিল । এই কথা গম পাই ভাৰতীয় তেল নিগমে বৰপেটাৰোড থানাত যোৱা এপ্ৰিল মাহত ২৩৭/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰে ৷ এই গোচৰৰ ভিত্তিতে বৰপেটাৰোড আৰক্ষীয়ে কালি খাৰুৱা তেল চুৰিত জড়িত মেছপাৰাৰ ৰাইজুদ্দিন, মহৰউদ্দিন, ময়নাল হক আৰু তাহেৰ আলীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে বৰপেটাৰােড আৰক্ষীয়ে যােৱা ১৮ এপ্রিলত এ এছ ২৬ চি ২৩৪৭ নম্বৰৰ এখন তেলৰ টেংকাৰ জব্দ কৰিছিল ।

আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব কোন?

Image
  আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব কোন? আজি ৰাজ্যখনৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰূপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছতে নতুন মন্ত্ৰীসভা গঠনৰ কুচকাৱাজো চলিছে। নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন কোন থাকিব আৰু কোন বাদ পৰিব তাক লৈ বিভিন্ন চৰ্চা চলিছে। দেওবাৰে নিশা নতুন মন্ত্ৰীসভা গঠনক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বই আমিনগাঁৱৰ আৱৰ্ত ভৱনত অগপ আৰু ইউপিপিএলৰ নেতৃত্বৰ সৈতে আলোচনাও কৰিছে। আমিনগাঁৱৰ চৰকাৰী অতিথিশালাত বাহৰ পাতি থকা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বৈজয়ন্ত জয় পাণ্ডা, বি এল সন্তোষৰ লগতো আলোচনাত বহিছে নতুন মুখ্যমন্ত্ৰীগৰাকী। জানিব পৰা মতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন ৬-৭গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব। নতুন মন্ত্ৰীসভাত পূৰ্বৰ সোণোৱাল চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী নতুন মন্ত্ৰীসভাত নথকাৰ ইংগিত পোৱা গৈছে। সেইদৰে মন্ত্ৰীসভাত কেইবাগৰাকীও নতুন মুখে স্থান পাব। নতুন মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰতত বিভিন্ন জাতি-জনগোষ্ঠীৰ প...

হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী মুখ্যমন্ত্ৰী! কিন্তু কিয় থমকি ৰৈছে কেন্দ্ৰীয় নেতৃত্ব?

Image
  হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী মুখ্যমন্ত্ৰী! কিন্তু কিয় থমকি ৰৈছে কেন্দ্ৰীয় নেতৃত্ব? খৱৰটো ইতিমধ্যে বিয়পি পৰিছে। নে কোনোবাই বিয়পাই দিছে? কথাটো এতিয়াও ধৰিবলৈ কঠিন হৈয়েই ৰৈছে। শনিবাৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীত কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ পাছৰে পৰাই বিভিন্ন ধৰণৰ খৱৰে ছচিয়েল মিডিয়া ভৰি পৰিছে। ৰাজ্যৰ এখন বাতৰি কাকতৰ মুখ্য সম্পাদক তথা এটা ব্যক্তিগত  চেনেলৰ মুখ্য সম্পাদকৰ ফেচবুক প’ষ্টৰ পাছতে তুংগত উঠিছে এই চৰ্চা। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি কেন্দ্ৰীয় নেতৃত্বই মোহৰ মাৰক বা নামাৰক অসমত একাংশই মোহৰ মাৰিছেই। তেওঁলোকে তথ্য লাভ কৰা সূত্ৰৰ উৎস কি সেয়া অৱশ্যেই জানিব পৰা হোৱা নাই যদিও সংশ্লিষ্ট মুখ্যমন্ত্ৰী প্ৰত্যাশীৰ ঘনিষ্ঠৰ পৰাই যে এনে বাতৰি ওলাইছে তাক নুই কৰিব নোৱাৰি। ইপিনে, আজি দিনৰ ১১বজাত অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকতে বিষয়টো চূড়ান্ত হ’ব বুলি কৈ থকা হৈছে। অথচ একাংশই ছীল-মোহৰ মাৰি বিষয়টোৰ ইতিমধ্যে মোখনি মাৰিছে। আন এক সূত্ৰই জানিবলৈ দিয়া মতে এই প্ৰচাৰৰ বিপৰীতে কিন্তু প্ৰকৃততে কথাটো ইমান সহজ হৈ থকা নাই। সৰ্বানন্দ সোণোৱাল...

অতিমাৰীৰ ৫বছৰ পূৰ্বে কৰ’নাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল চীনে!

Image
  বিশ্বত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ সন্ত্ৰাস হৈছে কৰ’নাৰ সন্ত্ৰাস। ২০১৯চনৰ ডিচেম্বৰৰ পৰা লাহে লাহে গোটেই বিশ্বকে সলনি কৰি দিছে এই ভাইৰাছে। কৰ’না অতিমাৰীৰ প্ৰকোপ চীনৰ সীমা অতিক্ৰম কৰি গোটেই বিশ্বতে বিয়পি পৰে। তেতিয়াৰে পৰা আমেৰিকাৰ তদানীত্বন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পকে ধৰি বিশ্বৰ বিভিন্ন দেশে চীনৰ প্ৰতি আঙুলি টোৱাইছিল। অৱশ্যে, চীনে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে এই ভাইৰাছ বিয়পোৱাৰ কোনো প্ৰমান পোৱা হোৱা নাই। কিন্তু অতিমাৰীৰ ৫বছৰ পূৰ্বে দেশখনৰ বিজ্ঞানীসকলে এই বিষয়ে চিন্তা কৰিছিল বুলি এক তথ্য পোহৰলৈ আহিছে। বাতৰি অনুসৰি, ২০১৫চনত চীনৰ বিজ্ঞানী তথা স্বাস্থ্য বিষয়াসকলে SARS কৰ’না ভাইৰাছক এক ‘নতুন যুগৰ জৈৱিক অস্ত্ৰ’ বুলি অভিহিত কৰিছিল। উইকেণ্ড অষ্ট্ৰেলিয়াৰ প্ৰতিবেদন অনুসৰি এই SARS কৰ’না ভাইৰাছক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথাও চিন্তা কৰা হৈছিল। প্ৰতিবেদনত দাবী কৰা মতে, সম্ভাৱ্য তৃতীয় বিশ্ব যুদ্ধৰ প্ৰধান অস্ত্ৰ হ’ব জৈৱিক অস্ত্ৰ। কিদৰে চীনৰ সামৰিক বিজ্ঞানীসকলে অতিমাৰীৰ ৫বছৰ পূৰ্বে কৰ’নাক জৈৱিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল সেয়া প্ৰতিবেদনত সদৰী কৰা হৈছে। এই সন্দৰ্ভত নিউজ অষ্ট্ৰেলিয়া...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আজি শপত ল’ব ১৪ গৰাকী নতুন কেবিনেট মন্ত্ৰীয়ে; তালিকাত কোন চাওক

Image
  আজি কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই ১৪ গৰাকী মন্ত্ৰীয়ে। ইয়াৰে ভিতৰত কেবিনেটত ইউপিপিএলৰ ইউ জি ব্ৰহ্ম অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই লাভ কৰিব মন্ত্ৰিত্ব। এক সূত্ৰই এই কথা আমাৰ সাংবাদিকক জনাইছে। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এগৰাকী কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। মন্ত্ৰিত্ব লাভ কৰিলেই এৰিব দলৰ সভাপতিৰ পদ। ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।যোৱাবাৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰা পিযুষ হাজৰিকাই কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰী লাভ কৰিব। ন বিজেপি তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগ, টিএমপিকেৰ প্ৰাক্তন নেতা তথা ন-বিজেপি নেতা ডাঃ ৰনোজ পেগুৱেও আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। পূৰ্বৰ চৰকাৰৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষানে লাভ কৰিব কেবিনেট মন্ত্ৰীৰ মৰ্যদা। ইপিনে, চন্দ্ৰ মোহন পাটোৱাৰী পুনৰ থাকিব কেবিনেট মন্ত্ৰী হিচাপে। টিংখাং সমষ্টিৰ বিধায়ক বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত বিমল বৰাই কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে...

আজি ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল ভাৰত, ভাৰত মহাসাগৰত বুৰ গল সকলো বিপদ

Image
  আজি ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল ভাৰত, ভাৰত মহাসাগৰত বুৰ গল সকলো বিপদ ।  কেৱল ভাৰতেই নহয় মালদ্বীপো আজি কোনোমতে ৰক্ষা পৰে চীনৰ অনিয়ন্ত্ৰিত ৰকে টৰ বাবে। লং মাৰ্চ ৫ বি নামৰ চীনৰ ৰকেটটোৰ এটা প্ৰায় ১০০ পুট দৈৰ্ঘৰ এটা অংশ ৰকেটৰ পৰা বিচ্ছিন্ন হৈ তীব্ৰ গতিৰে পৃথিৱীৰ ফালে অগ্ৰসৰ হয়। যাৰ ফলত সকলো বিশ্ববাসীয়েই আজি তীব্ৰ ভয় শংকাত ভুগে। আজি পুৱাৰ ভাগতে সংঘটিত হয় এই ঘটনা। কিন্তু সকলো ভয়-শংকা আঁতৰ কৰি বিশ্ব বাসী লগতে ভাৰতবাসীকো ৰক্ষা কৰি ভাৰত মহাসাগৰত পৰে চীনৰ ৰকেটক অংশটো। বৈজ্ঞানিকে এই অংশটো নিউয়ৰ্ক বা মাদ্ৰিদ চহৰৰ ওপৰত পৰাৰ আশংকা কৰিছিল। উল্লেখ্য যে, বিগত এটা সপ্তাহৰ পৰা ৰকেটৰ এই ভগ্ন অংশটোৰ বাবেই মহা চিন্তিত হৈ আছিল বৈজ্ঞানিক মহল। কিয়নো এই অংশটো জনবসতি যতেই পৰিল হেতেন তাতেই ধ্বংস লীলা চলালে হেতেন।

২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৪,১৪,১৮৮, মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৩,৯১৫: অসমত ৪৬ গৰাকী ৰোগীৰ মৃত্যু

Image
ভাৰতত কৰ’ণা ভাইৰাছৰ সংক্রমণ দৈনিক বৃদ্ধি হৈছে। যোৱা ৩ দিনৰ পৰা দেশত ৪ লাখতকৈ অধিক লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৪,১৪,১৮৮ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৯১৫ গৰাকী ৰোগীৰ মৃত্যু হৈছে। দেশত বৰ্তমান সময়ত কৰ’ণাৰ এক্টিভ কেছৰ সংখ্যা ৩৬,৪৫,১৬৪ লৈ বৃদ্ধি হৈছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২৩,৭০,২৯৮ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে আৰু এই সংখ্যাৰ পিছতেই দেশত ভেকচিন গ্ৰহণ কৰা লোকৰ সংখ্যা ১৬,৪৯,৭৩,০৫৮ লৈ বৃদ্ধি হৈছে। অসমত যোৱা ২৪ ঘণ্টাত ৪,৯৩৬ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে আৰু ৪৬ গৰাকী লোকৰ মৃত্যু হৈছে আৰু এই সংখ্যাৰ পিছতে অসমত এক্টিভ কেছৰ সংখ্যা ৩১,৮২৯ লৈ বৃদ্ধি হৈছে। 

কভিড19 নীতি নিৰ্দেশনা মানি চলক

Image
  ৰাইজলৈ বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ অনুৰোধ সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো কৰ’ণাৰ দ্বিতীয় লহৰ আৰম্ভ হৈছে ৷ ভয়াৱহ ভাৱে কৰ’ণা সংক্ৰমিত হোৱাত ইতিমধ্যে ৰাজ্যখনত হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে ৷ 55 জনতকৈ অধিক লোক কৰ’ণাত মৃত্যু ঘটিছে ৷ সেয়ে কৰ’ণাক পৰাজিত কৰিবলৈ চৰকাৰে দিয়া নীতি নিৰ্দেশনা সমূহ পালন কৰক ৷ লগতে সকলোৱে মাস্ক, চেনিটাইজাৰ আদি ব্যৱহাৰ কৰি সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ বৰপেটাবাসীৰ লগতে সকলো ৰাইজকে আহ্বান জনাইছো ৷  লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগক বৰপেটা মেডিকেল কলেজ হাস্পতালত কৰ’ণা ৰোগীৰ বাবে আই চি ইউৰ বিচনা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে।

দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা ২ কোটি অতিক্ৰম; বিগত ২৪ ঘন্টাত ৩৪৪৯জনৰ মৃত্যু

Image
  দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা ২ কোটি অতিক্ৰম; বিগত ২৪ ঘন্টাত ৩৪৪৯জনৰ মৃত্যু বিগত দুদিন ধৰি দেশত ক’ৰ’না সংক্ৰমণৰ হাৰ সামান্য নিম্নগামী হোৱা পৰিলক্ষিত হৈছে। যোৱা ২৪ ঘন্টাত দেশত এদিনতে ৩লাখ ২০ হাজাৰৰো অধিক কৰ’না ৰোগী সুস্থ হৈ উঠিছে। মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক’ৰ’নাত আক্ৰান্ত হৈছে ৩ লাখ ৫৭ হাজাৰ ২২৯ জন লোক। বিগত কেইদিনত একেৰাহে দেশত কৰ’নাৰ সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাই অহাৰ মাজতে বিগত দুটা দিনত সক্ৰমণৰ হাৰ কিছু হ্ৰাস পাইছে। দেশত এতিয়া মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা ২ কোটি ২ লাখ ৮২ হাজাৰ ৮৩৩ জনলৈ বৃদ্ধি পাইছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ২লাখ ২২ হাজাৰ ৪০৮ জন। যোৱা ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৩,৪৪৯ জন কোভিড আক্ৰান্তৰ। ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩,২০,২৮৯ জন ৰোগীয়ে। সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ১কোটি ৬৬লাখ ১৩ হাজাৰ ২৯২ জন লোক। আনহাতে, বৰ্তমানেও দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৩৪লাখ ৪৭হাজাৰ ১৩৩জন। ইয়াৰ ব...

বিধায়ক হৈ ঠিকনা সলনি হ’ল অখিল গগৈৰ; পত্ৰৰ জৰিয়তে চৰকাৰ আৰু শিৱসাগৰবাসীক কি ক’লে?

Image
  বিধায়ক হৈ ঠিকনা সলনি হ’ল অখিল গগৈৰ; পত্ৰৰ জৰিয়তে চৰকাৰ আৰু শিৱসাগৰবাসীক কি ক’লে? বিধায়ক হিচাপে বিধায়ক আৱাসত এক নতুন ঠিকনা লাভ কৰিলে কাৰাৰুদ্ধ অখিল গগৈয়ে। তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামীৰ আৱাস গৃহটো অখিল গগৈৰ নামৰে নামকৰণ কৰা হৈছে। বিধায়ক আৱাসৰ ৫৩ নং কুটীৰ দিয়া হৈছে অখিল গগৈক। ইপিনে, বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে শিৱসাগৰবাসীক ধন্যবাদ জনাই লগতে চৰকাৰক এক দাবী জনাই পত্ৰ লিখে অখিল গগৈয়ে। চিঠিত গগৈয়ে চৰকাৰক দাবী জনাই কয় ‘অসমৰ সকলো ৰাইজে বিনামূলীয়াকৈ কৰোনাৰ ভেকচিন পাব লাগে। অহা তিনি মাহৰ ভিতৰতে ৰাজ্যৰ ৩ কোটি ৩০ লাখ জনতাক কৰোনাৰ ভেকচিন প্ৰদানৰ বাবে অনুৰোধ জনাইছো।‘ শিৱসাগৰৰ নৱ-নিৰ্বাচিত বিধায়কগৰাকীয়ে লগতে কয় ‘বিনামূলীয়াকৈ কৰোনাৰ ভেকচিন দিয়াই হৈছে নতুন চৰকাৰৰ সকলোতকৈ প্ৰধান তথা প্ৰথম কাম। লগতে ইয়াৰ প্ৰতিৰোধ কৰাটোও অন্যতম কাম।‘ বিধায়ক হিচাপে অখিল গগৈয়েও হেনো প্ৰথম এই কামেই কৰাৰ বাবে চেষ্টা কৰিব বুলি পত্ৰত উল্লেখ কৰে। লগতে ইয়াৰ বাবে মাত মাতিও যাব যেতিয়ালৈকে চৰকাৰে ইয়াক সফল কৰি তোলাৰ বাবে কাম নকৰে। চিঠিৰ মাজতে পুনৰ অখিল গগৈয়ে যি সকলে এই জয়ৰ বাবে নিজৰ পকেটৰ ধন খৰছ কৰি নিঃস্বাৰ...

কোভিড-১৯ পৰিস্থিতিৰ বাবে স্থগিত মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা

Image
  কোভিড-১৯ পৰিস্থিতিৰ বাবে স্থগিত মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা কোভিড-১৯ পৰিস্থিতিৰ বাবে মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষা স্থগিত ৰখা হৈছে। সেই অনুসৰি, এতিয়া অহা ১১মে’ৰ পৰা অনুষ্ঠিত নহয় এই পৰীক্ষা। ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনালে এই কথা। সমগ্ৰ ৰাজ্যজুৰি কোভিডে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ লগত আলোচনাৰ মাধ্যমৰে এই সিদ্ধান্ত লোৱা বুলি অধ্যক্ষগৰাকীয়ে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। তদুপৰি, কোভিড-১৯ৰ সংক্ৰমণ ৰোধ হোৱাৰ পাছতহে ছেবাই পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সুৰক্ষা তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছেবা কৰ্তৃপক্ষই।

অসমতো আৰম্ভ কৰ’নাৰ সন্ত্ৰাস! ২৪ঘন্টাত নতুনকৈ ৪৪৮৯জন আক্ৰান্ত, ২৯জনৰ মৃত্যু

Image
  ৰাজ্যখনৰ কোভিড-১৯ পৰিস্থিতিৰ ক্ৰমে অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে। সোমবাৰে অসমত কোভিড-১৯ত আক্ৰান্ত হৈ ২৯জন লোকৰ মৃত্যু ঘটিছে। বিগত ২৪ঘন্টাত ৰাজ্যখনৰ ১১খন জিলাৰ পৰা কোভিড-১৯ত মৃত্যুৰ খৱৰ আহিছে। কোভিড-১৯ত মৃত্যুৰ খৱৰ অহা জিলাসমূহ হ’ল- কামৰূপ মহানগৰ-১৩, ডিব্ৰুগড়-৪, ওদালগুৰি-২, বঙাইগাঁও-১, কাছাৰ-১, নলবাৰী-১, কামৰূপ গ্ৰাম্য-১, কৰিমগঞ্জ-৩, শোণিতপুৰ-১, তিনচুকীয়া-১ আৰু গোৱালপাৰা-১। ৰাজ্যখনত কোভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ ১৩৮৯জনলৈ বৃদ্ধি পাইছে। তদুপৰি, ৰাজ্যখনত সোমবাৰে ৪০০০তকৈয়ো অধিক কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে। সোমবাৰে মুঠতে মুঠ ৪৪৮৯জন লোক কোভিড-১৯ পজিটিভ পোৱা গৈছে। গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ আশে পাশেই ১৬৪৫জন পজিটিভ চিনাক্ত হৈছে। অধিক কোভিড-১৯ পজিটিভ চিনাক্ত হোৱা আন জিলাকেইখন হৈছে-ডিব্ৰুগড়-৪৬০, কামৰূপ গ্ৰাম্য-২৩৯, নগাঁও-২০১ আৰু নলবাৰী-২০১। ৰাজ্যখনত বৰ্তমান সক্ৰিয় কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যাই ২৬,০০০ৰ সীমা অতিক্ৰম কৰিছে। ৰাজ্যখনত মুঠ সক্ৰিয় কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা হৈছে ২৬৪৭৭জন। সোমবাৰে ৰাজ্যখনত কোভিড-১৯ পজিটিভিটিৰ হাৰ হৈছে ৮.০২শতাংশ। সোমবাৰে মুঠ ৫৫৯৩৯টা নমুনা পৰীক্ষাৰ পা...

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল জগমোহনৰ পৰলোকপ্ৰাপ্তি

Image
  জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল জগমোহনৰ সোমবাৰে মাজনিশা দিল্লীত পৰলোকপ্ৰাপ্তি ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৪বছৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ বিয়োগত সোক ব্যক্ত কৰে।  প্ৰধানমন্ত্ৰী মোদীয়ে জগমোহনৰ মৃত্যু ৰাষ্ট্ৰৰ বাবে বৃহৎ ক্ষতি বুলি উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰীয়ে টুইট কৰি লিখিছে,’’ জগমোহন ডাঙৰীয়াৰ বিয়োগ ৰাষ্ট্ৰৰ বাবে এক বৃহৎ ক্ষতি। তেওঁ এগৰাকী দক্ষ প্ৰশাসক আৰু এগৰাকী প্ৰসিদ্ধ পণ্ডিত আছিল। তেওঁ সদায় ভাৰতৰ বিকাশৰ বাবে কাম কৰিছিল।‘’ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও জগমোহনৰ বিয়োগত শোকপ্ৰকাশ কৰিছে। জগমোহনক ১৯৭১চনত পদ্মশ্ৰী, ১৯৭৭চনত পদ্মভূষণ আৰু ২০১৬চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। তেওঁ দুটাকৈ কাৰ্যকালৰ বাবে জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ প্ৰথমবাৰৰ বাবে ১৯৮৪চনৰ পৰা ১৯৮৯চনলৈ জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত পুনৰ ১৯৯০ চনৰ জানুৱাৰীৰ মাহৰ পৰা ১৯৯০চনৰ মে’ মাহলৈকে দ্বিতীয়টো কাৰ্যকাল চম্ভালিছিল। জগমোহন ১৯৯৬চনত প্ৰথমবাৰ লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ কেন্দ্ৰীয় নগৰ উন্নয়ন আৰু পৰ্যটন বিভাগৰ মন্ত...

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰেও ক’লে-‘পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিব লাগে’

Image
  ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰেও ক’লে-‘পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিব লাগে’ দাপোণ নিউজ অসম : পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে জনতাক জ্বলা-কলা খুৱাইছে৷ পেট্ৰ’ল ডিজেলৰ মূল্যৰ ওপৰত চৰকাৰে আৰোপ কৰা বৃহৎ পৰিমাণৰ কৰ(টেক্স)ৰ বাবেই যে পেট্ৰ’ল ডিজেলৰ মূল্য আকাশলংঘী হৈছে সেয়া সকলোৱে বুজি পাইছে আৰু কৰ হ্ৰাস কৰিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰিছে৷ তাৰমাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসেও পেট্ৰ’ল ডিজেলৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতি সমীক্ষা(MPC) বৈঠকত এই প্ৰসংগ উত্থাপন কৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে৷ বৈঠকৰ জৰিয়তে শক্তিকান্ত দাসে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনায় যে চৰকাৰে পৰোক্ষ কৰ(Indirect Tax) হ্ৰাস কৰি পেট্ৰ’ল ডিজেলৰ মূল্যত পৰিৱৰ্তন আনিব লাগে৷ তেওঁ লগতে কয় যে লাহে লাহে কৰ হ্ৰাস কৰি গৈ থাকিব লাগে যাতে অৰ্থনীতিৰ ওপৰত প্ৰভাৱ নপৰে৷   উল্লেখযোগ্যে যে, এতিয়ালৈকে ৰাজস্থান, পশ্চিমবংগ, অসম আৰু মেঘালয়- এই চাৰিখন ৰাজ্যৰ ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপ কৰা VAT হ্ৰাস কৰিছে৷ সেইবাবে এই চাৰিখন ৰাজ্যত অন্য ৰাজ্যৰ তুলনাত প...
Image
  সাধাৰণ মানুহ ন্যায়ালয়লৈ গৈ কি লাভ, চেণ্ডেলহে ক্ষয় যাবঃ কিয় ক’লে ৰঞ্জন গগৈয়ে দাপোণ নিউজ (অসম) :  ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰায়ে আঙুলি উঠে যদিও এইবাৰ সেই কথাক নিশ্চিত কৰিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। কলকাতাত ‘ইণ্ডিয়া টুডে’ই আয়োজন কৰা এক অনুষ্ঠানত ভাগ লৈ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আমাৰ ন্যায় ব্যৱস্থা অত্যন্ত জটিল আৰু জৰাজীর্ণ, যিয়ে ন্যায় বিচাৰ প্ৰদানত প্ৰায় ব্যর্থ হয়। পূর্ব মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয় যে ভাৰতীয় ন্যায় ব্যৱস্থা এনেকুৱা পর্যায় পাইছেগৈ যে মানুহে আদালতলৈ গৈ পিছত অনুশোচনাত ভুগিবলগীয়া হয়। এতিয়া ন্যায়ালয় সাধাৰণ মানুহে ঢুকি পোৱাৰ বাহিৰত, কেৱল ধনী আৰু ক’র্পৰেট গোষ্ঠীৰ বাবেহে যেন ন্যায়ালয়। প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয়— ‘মোৰ এই কথা কোৱাত কোনা দ্বিধা নাই যে ন্যায়ালয়লৈ কোন যায়? নায়ালয়লৈ গৈ কি লাভ আছে? আপুনি যদি ন্যায়ালয়লৈ যায় তেন্তে অনুশোচনাত ভুগিব লাগিব। ক’র্পৰেট গোষ্ঠীৰ লোকে সুযোগ লোৱাৰ বাবে ন্যায়ালয়লৈ যায়। তাত যদি তেওঁলোক সফল হয়, তেন্তে কোটি টকা লাভ হয়। সাধাৰণ মানুহে ন্যায়ালয়লৈ গ’লে ন্যায়ৰ পোৱাৰ পৰিৱর্তে চেণ্ডেলহে ক্ষয় যাব।’ প্ৰাক্তন ...

১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা…

Image
  অসম আৰক্ষীৰ ৫৯৭ টা উপ পৰিদৰ্শক পদত নিযুক্তিৰ বাবে ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ‘ পেৰেড গ্ৰাউণ্ড’ত ফিজিকেল ষ্টেণ্ডাৰ্ট টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ’ব । এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থী সকলে আনিবলগীয়া নথি পথ্ৰৰ লগতে জানিবলগীয়া অন্যান্য বিষয় সমূহ বাতৰি কাকতৰ লগতে www.slprbassam.in ৱেৱচাইটত সবিস্তাৰে প্ৰকাশ কৰা হৈছে । আনহাতে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসম আৰক্ষীত খালী হৈ থকা অন্যান্য পদ সমূহ পূৰনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিছে । ইতিমধযে বাতিল হোৱা আৰক্ষী কনিষ্টবল ( ইউ বি আৰু এবি )ৰ ফিজিকেল ষ্টেণ্ডাৰ্ট টেষ্ট আৰুফিজিকেল এফিচিয়েঞ্চি টেষ্ট অহা মাহত পুনৰ নতুনকৈ আৰম্ভ কৰিবলৈ ব’ৰ্ডে যাৱতীয় প্ৰস্তুুতি চলাইছে বুলি এক প্ৰেছ বাৰ্তাৰ জৰিয়তে জানিব দিয়ে । অসম আৰক্ষীৰ অনাতাৰ সংস্থা,অগ্নি আৰু আপদকালীন সেৱা, কাৰাগাৰ বিভাগত খালী হৈ থকা পদ সমূহ পূৰনৰ বাবেও পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব’ৰ্ডে পদক্ষেপ লৈছে আৰু অনাগত সময়ত এই পৰীক্ষাৰ তাৰিখ সম্পৰ্কে ঘোষনা কৰা হ’ব বুলি বিবৃতিত জানিব দিয়ে ।