১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা…

 

অসম আৰক্ষীৰ ৫৯৭ টা উপ পৰিদৰ্শক পদত নিযুক্তিৰ বাবে ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ ‘ পেৰেড গ্ৰাউণ্ড’ত ফিজিকেল ষ্টেণ্ডাৰ্ট টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ’ব ।


এই পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থী সকলে আনিবলগীয়া নথি পথ্ৰৰ লগতে জানিবলগীয়া অন্যান্য বিষয় সমূহ বাতৰি কাকতৰ লগতে www.slprbassam.in ৱেৱচাইটত সবিস্তাৰে প্ৰকাশ কৰা হৈছে । আনহাতে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসম আৰক্ষীত খালী হৈ থকা অন্যান্য পদ সমূহ পূৰনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিছে ।

ইতিমধযে বাতিল হোৱা আৰক্ষী কনিষ্টবল ( ইউ বি আৰু এবি )ৰ ফিজিকেল ষ্টেণ্ডাৰ্ট টেষ্ট আৰুফিজিকেল এফিচিয়েঞ্চি টেষ্ট অহা মাহত পুনৰ নতুনকৈ আৰম্ভ কৰিবলৈ ব’ৰ্ডে যাৱতীয় প্ৰস্তুুতি চলাইছে বুলি এক প্ৰেছ বাৰ্তাৰ জৰিয়তে জানিব দিয়ে ।

অসম আৰক্ষীৰ অনাতাৰ সংস্থা,অগ্নি আৰু আপদকালীন সেৱা, কাৰাগাৰ বিভাগত খালী হৈ থকা পদ সমূহ পূৰনৰ বাবেও পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ব’ৰ্ডে পদক্ষেপ লৈছে আৰু অনাগত সময়ত এই পৰীক্ষাৰ তাৰিখ সম্পৰ্কে ঘোষনা কৰা হ’ব বুলি বিবৃতিত জানিব দিয়ে ।

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs