আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব কোন?

 

আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব কোন?


আজি ৰাজ্যখনৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰূপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছতে নতুন মন্ত্ৰীসভা গঠনৰ কুচকাৱাজো চলিছে।


নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন কোন থাকিব আৰু কোন বাদ পৰিব তাক লৈ বিভিন্ন চৰ্চা চলিছে।

দেওবাৰে নিশা নতুন মন্ত্ৰীসভা গঠনক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বই আমিনগাঁৱৰ আৱৰ্ত ভৱনত অগপ আৰু ইউপিপিএলৰ নেতৃত্বৰ সৈতে আলোচনাও কৰিছে।

আমিনগাঁৱৰ চৰকাৰী অতিথিশালাত বাহৰ পাতি থকা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বৈজয়ন্ত জয় পাণ্ডা, বি এল সন্তোষৰ লগতো আলোচনাত বহিছে নতুন মুখ্যমন্ত্ৰীগৰাকী।

জানিব পৰা মতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন ৬-৭গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব।

নতুন মন্ত্ৰীসভাত পূৰ্বৰ সোণোৱাল চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী নতুন মন্ত্ৰীসভাত নথকাৰ ইংগিত পোৱা গৈছে। সেইদৰে মন্ত্ৰীসভাত কেইবাগৰাকীও নতুন মুখে স্থান পাব।

নতুন মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰতত বিভিন্ন জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্ব,দক্ষতা আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে থকা ঘনিষ্ঠতা এই সকলো দিশ বিবেচনা কৰা হৈছে বুলি জানিব পৰা গৈছে।

তদুপৰি, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰামৰ্শ অনুসৰিও দুজনমানক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

অগপৰ দুগৰাকী, ইউপিপিএলৰ এগৰাকী প্ৰথম পৰ্যায়ত মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে। পৰৱৰ্তী সময়ত এখন পূৰ্ণাংগ মন্ত্ৰীসভা গঠন কৰা হ’ব আৰু তাত মুখ্যমন্ত্ৰীগৰাকীৰ পছন্দই অগ্ৰাধিকাৰ পাব।

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs