অসমতো আৰম্ভ কৰ’নাৰ সন্ত্ৰাস! ২৪ঘন্টাত নতুনকৈ ৪৪৮৯জন আক্ৰান্ত, ২৯জনৰ মৃত্যু

 ৰাজ্যখনৰ কোভিড-১৯ পৰিস্থিতিৰ ক্ৰমে অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে।



সোমবাৰে অসমত কোভিড-১৯ত আক্ৰান্ত হৈ ২৯জন লোকৰ মৃত্যু ঘটিছে। বিগত ২৪ঘন্টাত ৰাজ্যখনৰ ১১খন জিলাৰ পৰা কোভিড-১৯ত মৃত্যুৰ খৱৰ আহিছে।


কোভিড-১৯ত মৃত্যুৰ খৱৰ অহা জিলাসমূহ হ’ল- কামৰূপ মহানগৰ-১৩, ডিব্ৰুগড়-৪, ওদালগুৰি-২, বঙাইগাঁও-১, কাছাৰ-১, নলবাৰী-১, কামৰূপ গ্ৰাম্য-১, কৰিমগঞ্জ-৩, শোণিতপুৰ-১, তিনচুকীয়া-১ আৰু গোৱালপাৰা-১।



ৰাজ্যখনত কোভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ ১৩৮৯জনলৈ বৃদ্ধি পাইছে।


তদুপৰি, ৰাজ্যখনত সোমবাৰে ৪০০০তকৈয়ো অধিক কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছে। সোমবাৰে মুঠতে মুঠ ৪৪৮৯জন লোক কোভিড-১৯ পজিটিভ পোৱা গৈছে।

গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ আশে পাশেই ১৬৪৫জন পজিটিভ চিনাক্ত হৈছে।

অধিক কোভিড-১৯ পজিটিভ চিনাক্ত হোৱা আন জিলাকেইখন হৈছে-ডিব্ৰুগড়-৪৬০, কামৰূপ গ্ৰাম্য-২৩৯, নগাঁও-২০১ আৰু নলবাৰী-২০১।



ৰাজ্যখনত বৰ্তমান সক্ৰিয় কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যাই ২৬,০০০ৰ সীমা অতিক্ৰম কৰিছে। ৰাজ্যখনত মুঠ সক্ৰিয় কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা হৈছে ২৬৪৭৭জন।

সোমবাৰে ৰাজ্যখনত কোভিড-১৯ পজিটিভিটিৰ হাৰ হৈছে ৮.০২শতাংশ।

সোমবাৰে মুঠ ৫৫৯৩৯টা নমুনা পৰীক্ষাৰ পাছত ৪৪৮৯জন পজিটিভ ৰোগী চিনাক্ত হৈছে।

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs