২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ৪,১৪,১৮৮, মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৩,৯১৫: অসমত ৪৬ গৰাকী ৰোগীৰ মৃত্যু
ভাৰতত কৰ’ণা ভাইৰাছৰ সংক্রমণ দৈনিক বৃদ্ধি হৈছে। যোৱা ৩ দিনৰ পৰা দেশত ৪ লাখতকৈ অধিক লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৪,১৪,১৮৮ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৯১৫ গৰাকী ৰোগীৰ মৃত্যু হৈছে। দেশত বৰ্তমান সময়ত কৰ’ণাৰ এক্টিভ কেছৰ সংখ্যা ৩৬,৪৫,১৬৪ লৈ বৃদ্ধি হৈছে।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২৩,৭০,২৯৮ গৰাকী লোকক ভেকচিন প্ৰদান কৰা হৈছে আৰু এই সংখ্যাৰ পিছতেই দেশত ভেকচিন গ্ৰহণ কৰা লোকৰ সংখ্যা ১৬,৪৯,৭৩,০৫৮ লৈ বৃদ্ধি হৈছে।
অসমত যোৱা ২৪ ঘণ্টাত ৪,৯৩৬ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে আৰু ৪৬ গৰাকী লোকৰ মৃত্যু হৈছে আৰু এই সংখ্যাৰ পিছতে অসমত এক্টিভ কেছৰ সংখ্যা ৩১,৮২৯ লৈ বৃদ্ধি হৈছে।
Amrau bani Moyra jamu😭😭
ReplyDelete