ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰেও ক’লে-‘পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিব লাগে’

 

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰেও ক’লে-‘পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিব লাগে’

দাপোণ নিউজ অসম : পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে জনতাক জ্বলা-কলা খুৱাইছে৷ পেট্ৰ’ল ডিজেলৰ মূল্যৰ ওপৰত চৰকাৰে আৰোপ কৰা বৃহৎ পৰিমাণৰ কৰ(টেক্স)ৰ বাবেই যে পেট্ৰ’ল ডিজেলৰ মূল্য আকাশলংঘী হৈছে সেয়া সকলোৱে বুজি পাইছে আৰু কৰ হ্ৰাস কৰিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰিছে৷

তাৰমাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসেও পেট্ৰ’ল ডিজেলৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিবলৈ অনুৰোধ জনাইছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্ৰিক নীতি সমীক্ষা(MPC) বৈঠকত এই প্ৰসংগ উত্থাপন কৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে৷ বৈঠকৰ জৰিয়তে শক্তিকান্ত দাসে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনায় যে চৰকাৰে পৰোক্ষ কৰ(Indirect Tax) হ্ৰাস কৰি পেট্ৰ’ল ডিজেলৰ মূল্যত পৰিৱৰ্তন আনিব লাগে৷ তেওঁ লগতে কয় যে লাহে লাহে কৰ হ্ৰাস কৰি গৈ থাকিব লাগে যাতে অৰ্থনীতিৰ ওপৰত প্ৰভাৱ নপৰে৷

 উল্লেখযোগ্যে যে, এতিয়ালৈকে ৰাজস্থান, পশ্চিমবংগ, অসম আৰু মেঘালয়- এই চাৰিখন ৰাজ্যৰ ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত আৰোপ কৰা VAT হ্ৰাস কৰিছে৷ সেইবাবে এই চাৰিখন ৰাজ্যত অন্য ৰাজ্যৰ তুলনাত পেট্ৰল-ডিজেলৰ মূল্য কিছু কম৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈ কৰ হ্ৰাস কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ উল্লেখ্য যে, পেট্ৰোলিয়ামৰ ওপৰত সৰ্বাধিক কৰ আৰোপ কৰাৰ ক্ষেত্ৰত পৃথিৱীৰ ৫ খন দেশৰ ভিতৰত ভাৰতো আছে৷

📣আমি ভাবো যে আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে।FB https://www.facebook.com/%E0%A6%A6%E0%A6%BE%E0%A6%AA%E0%A7%8B%E0%A6%A3-%E0%A6%A8%E0%A6%BF%E0%A6%89%E0%A6%9C-%E0%A6%85%E0%A6%B8%E0%A6%AE-106997571017323/

YouTube : https://youtube.com/channel/UCh-r0izOmLHXt3Mw_5uk3dw

 ইয়াত ক্লিক কৰি আপুনি আমাক ফেচবুকত ‘লাইক‘ কৰিব পাৰে। আমাৰ ভিডিঅ’ ৰিপোৰ্ট চাবলৈ ইউটিউবত আমাক ‘চাবস্ক্ৰাইব’কৰক, তাৰবাবে ইয়াত ক্লিক কৰিব পাৰে।

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs