সাধাৰণ মানুহ ন্যায়ালয়লৈ গৈ কি লাভ, চেণ্ডেলহে ক্ষয় যাবঃ কিয় ক’লে ৰঞ্জন গগৈয়ে
দাপোণ নিউজ (অসম) : ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰায়ে আঙুলি উঠে যদিও এইবাৰ সেই কথাক নিশ্চিত কৰিলে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। কলকাতাত ‘ইণ্ডিয়া টুডে’ই আয়োজন কৰা এক অনুষ্ঠানত ভাগ লৈ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আমাৰ ন্যায় ব্যৱস্থা অত্যন্ত জটিল আৰু জৰাজীর্ণ, যিয়ে ন্যায় বিচাৰ প্ৰদানত প্ৰায় ব্যর্থ হয়। পূর্ব মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয় যে ভাৰতীয় ন্যায় ব্যৱস্থা এনেকুৱা পর্যায় পাইছেগৈ যে মানুহে আদালতলৈ গৈ পিছত অনুশোচনাত ভুগিবলগীয়া হয়। এতিয়া ন্যায়ালয় সাধাৰণ মানুহে ঢুকি পোৱাৰ বাহিৰত, কেৱল ধনী আৰু ক’র্পৰেট গোষ্ঠীৰ বাবেহে যেন ন্যায়ালয়। প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে আৰু কয়— ‘মোৰ এই কথা কোৱাত কোনা দ্বিধা নাই যে ন্যায়ালয়লৈ কোন যায়? নায়ালয়লৈ গৈ কি লাভ আছে? আপুনি যদি ন্যায়ালয়লৈ যায় তেন্তে অনুশোচনাত ভুগিব লাগিব। ক’র্পৰেট গোষ্ঠীৰ লোকে সুযোগ লোৱাৰ বাবে ন্যায়ালয়লৈ যায়। তাত যদি তেওঁলোক সফল হয়, তেন্তে কোটি টকা লাভ হয়। সাধাৰণ মানুহে ন্যায়ালয়লৈ গ’লে ন্যায়ৰ পোৱাৰ পৰিৱর্তে চেণ্ডেলহে ক্ষয় যাব।’ প্ৰাক্তন মুখ্য ন্যায়াধীসগৰাকীয়ে আৰু কয় যে আমি ৫ ত্ৰিলিয়ন মার্কিন ডলাৰ অর্থনীতিৰ দেশ বনাব বিচাৰো, কিন্তু দেশৰ ন্যায়াপালিকা তেনেই জুৰুলা। প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জনৰ গগৈৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক দাপোণ নিউজ ৰ ফেচবুক পেজ
Comments
Post a Comment