অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী মাননীয় পিয়ুষ হাজৰিকা ডাঙৰীয়াই চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত বহৰি অঞ্চলৰ গৰাখহনীয়াৰ সমস্যাৰ বুজ লয়।

 অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী মাননীয় পিয়ুষ হাজৰিকা ডাঙৰীয়াই চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত বহৰি অঞ্চলৰ গৰাখহনীয়াৰ সমস্যাৰ বুজ লয়।



ইতিহাস প্ৰসিদ্ধ তথা সত্ৰ-সংস্কৃতিৰ চহকী বহৰি অঞ্চলৰ গৰাখহনীয়া সমস্যাৰ সমাধান কল্পে এই এলেকাটোত এক-ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যত প্ৰতিৰোধ গঢ়ি তুলিবলৈ বিভাগীয় ভাৱে কাম কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। 



তেওঁৰ এই ভ্ৰমণকালত চেঙা সমষ্টিবাসীৰ হৈ বিদায়ক আশ্রাফুলে  একাধিক প্ৰকল্পৰে দক্ষিণ পূব বৰপেটা অঞ্চলৰ গৰাখহনীয়া সমস্যাৰ সমাধানৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰো। আমি আশা কৰিছোঁ ৰৌমাৰীৰ পৰা পাজাৰভাঙালৈ আৰু মৰিছাকান্দিৰ পৰা খোলাবান্ধালৈ, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ এই বৃহত্তৰ এলেকাত বিজ্ঞানসন্মত আৰু আধুনিক প্ৰযুক্তিৰে কাম কৰি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব।



এই পৰিদৰ্শন কালত বাঘবৰ সমষ্টিৰ মাননীয় বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়া, বৰপেটা সমষ্টিৰ মাননীয় বিধায়ক আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়া, অসম উদ্যগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ ডাঙৰীয়া, বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল ডাঙৰীয়া, জলসম্পদ বিভাগৰ জ্যেষ্ঠ অভিযন্তাকে আদি কৰি অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।


Comments

Popular posts from this blog

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs