বৰপেটাৰোডত ৪ জন খাৰুৱা তেল চোৰ আটক

বৰপেটাৰােড চহৰৰ প্রায় ৫ কিলােমিটাৰ আঁতৰত অৱস্থিত মেচপাৰা অঞ্চল । এই অঞ্চলৰে হাছমত আলী নামৰ ব্যক্তি এজনৰ মাটিত মহিৰুদ্দিন , ৰাইজুদ্দিন নামৰ ব্যক্তিত্বয়ে টিন পাটৰ বেৰ দি আৰম্ভ কৰিছিল তেল চুৰি কাৰ্য্য ৷ কিয়নাে এই টিনাৰ বেৰৰ এলেকাইদি পাৰ হৈ হৈছিল অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল সৰবৰাহ কৰা বৃহৎ পাইপ । চক্ৰটোৱে নিশাৰ অন্ধকাৰৰ সুযােগতে এই পাইপ ফুটা কৰি খাৰুৱা তেল সংগ্রহ কৰি বিক্ৰী কৰি আহিছিল ।


এই কথা গম পাই ভাৰতীয় তেল নিগমে বৰপেটাৰোড থানাত যোৱা এপ্ৰিল মাহত ২৩৭/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰে ৷
এই গোচৰৰ ভিত্তিতে বৰপেটাৰোড আৰক্ষীয়ে কালি খাৰুৱা তেল চুৰিত জড়িত মেছপাৰাৰ ৰাইজুদ্দিন, মহৰউদ্দিন, ময়নাল হক আৰু তাহেৰ আলীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে বৰপেটাৰােড আৰক্ষীয়ে যােৱা ১৮ এপ্রিলত এ এছ ২৬ চি ২৩৪৭ নম্বৰৰ এখন তেলৰ টেংকাৰ জব্দ কৰিছিল ।

Comments

Popular posts from this blog

"A Dozen Youths from a Mech para Village Achieve Success 2022 to 2023

মেছপাৰা গাওঁৰ ৰফিকুলে ইছলাম CRPF-ৰ ASI পদলৈ পদোন্নতি পাই গাওঁবাসীৰ গৌৰৱৰ বিষয় হৈ উঠিল

Three Youths from Mech Para Village, Barpeta District Secure Government Jobs