বৰপেটাৰোডত আৰক্ষীয়ে খেদি খেদি আটক কৰিলে দুই ড্ৰাগছ ব্যৱসায়ীক
বৰপেটাৰোড আৰক্ষীয়ে কালি ড্ৰাগছসহ দুটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰে । উল্লেখ্য , বৰপেটাৰোড আৰক্ষীয়ে যোৱা ১৩ জানু
ৱাৰীৰ নিশা বৰপেটাৰোডৰ আজাদ নগৰত অভিযান চলাই ছজনকৈ ড্ৰাগছ বিক্রেতাসহ ড্ৰাগছ আসক্তক আটক কৰিছিল । এই দলটোৰ পৰা পোৱা খবৰৰ ভিত্তিতে বৰপেটাৰোড আৰক্ষীয়ে কালি ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে দ্বিতীয়টো অভিযান চলায় । সেই অনুসৰি বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালি বেঁকী নদীৰ ওচৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এক অভিযান চলায় । এই অভিযান কালতে বৰপেটাৰোড আৰক্ষীয়ে চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত তিনি নং গৰৈমাৰীৰ নজৰুল শ্বেখৰ পুত্ৰ ছানিদুল ইছলাম ( ২০ ) আৰু একেটা অঞ্চলৰ আব্দুল মাজিদ শ্বেখৰ পুত্ৰ ইছকৰ আলী ( ২১ ) ক আটক কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ীদ্বয়ৰ পৰা আৰক্ষীয়ে ৯ টা ব্রাউন ছুগাৰ্ভর্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে এ এছ -১৫ এন -৪৬৩৬ নম্বৰৰ ৰঙা - ক'লা ৰঙৰ বাজাজ পালছাৰ মটৰ চাইকেল জব্দ কৰে ।
উল্লেখযোগ্য যে ইছকৰ আলী আৰু ছানিদুল ইছলামে দীর্ঘদিনৰ পৰাই চিৰাঙৰ পৰা বৰপেটাৰোডৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আহি একাংশ কলেজীয়া ছাত্ৰক ড্ৰাগছৰ যোগান ধৰি আহিছিল ৷ সেই খবৰ লাভ কৰাৰ পিচতে কালি দুপৰীয়া একমান বজাত বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল কলিতাই অসামৰিক পোছাকত গৈ ছানিদুল - ইছকৰক আটক কৰিবলৈ পাং পাতে । কিন্তু আৰক্ষীৰ লোক বুলি সন্দেহ কৰিয়ে দুয়োৱে মটৰ চাইকেলখন লৈ পলায়নৰ চেষ্টা কৰে । পিচে আৰক্ষীয়েও খেদি খেদি গৈ দুয়োকে আটক কৰে ।
Comments
Post a Comment