Posts

Showing posts from June, 2025

"ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পাছত আমেৰিকাৰ বিভিন্ন স্থানত যুদ্ধবিৰোধী প্ৰতিবাদ"

Image
  আমেৰিকাই ইৰানৰ তিনিখন নিউক্লিয়াৰ আৰু সেনা স্থলীত কৰা বিমান আক্ৰমণৰ পাছত সমগ্ৰ যুক্তৰাষ্ট্ৰজুৰি যুদ্ধবিৰোধী প্ৰতিবাদৰ জুই জ্বলিছে। এই আক্ৰমণ ইজৰাইল–ইৰান সংঘৰ্ষক অধিক জটিল আৰু বিপজ্জনক পৰ্যায়লৈ নিয়া বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। জাতিসংঘৰ মহাসচিব আন্তোনিঅ’ গুটেৰেছয়ে এই "বিপজ্জনক উত্তেজনাৰ বৃদ্ধি" লৈ গভীৰ চিন্তা প্ৰকাশ কৰি তৎপৰতাৰে শান্তিৰ আহ্বান জনাইছে। এই ঘটনাৰ পাছতে আমেৰিকাৰ নিউয়ৰ্ক, ৱাছিংটন, লছ এঞ্জেলছ, আৰু ছিকাগো আদিৰ বহুতো মহানগৰত ৰাস্তালৈ নামি অহা লোকসকলে যুদ্ধৰ বিৰুদ্ধে সোচ্চাৰ হৈ শ্ল’গান দিয়ে। 📸ছবিৰ উৎস: AP, Getty Images, AFP, Reuters,The Hindu 

“২৪২ খন লোক লৈ আহমেদাবাদত Air India Boeing 787 Dreamliner–ৰ বিধ্বংসী দূৰ্ঘটনা: এতিয়ালৈকে ২০৪ দেহ উদ্ধাৰ”

Image
 আজি পুৱা ১১:৪০ বজাত আহমেদাবাদৰ সদৰভাল্লভভাই পটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা লণ্ডনৰ গাটউইক বিমানবন্দৰ অভিমুখে উৰান ভৰা এয়াৰ ইণ্ডিয়া ফ্লাইট AI171 (Boeing 787 Dreamliner) এটা টেক-অফৰ কিছু সময়ৰ পাছতে ভয়ংকৰভাৱে দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, বিমানখন ইঞ্জিনৰ সমস্যাৰ বাবে “মে-ডে” সংকেত দিয়ে আৰু কিছু সময়ৰ ভিতৰতে আহমেদাবাদৰ মেহেগনি নগৰৰ এখন চিকিৎসা হোস্টেলত খহি পৰে। বিমানখন খহি পৰাৰ লগে লগে বৃহৎ বিস্ফোৰণ সংঘটিত হয় আৰু অগ্নিকাণ্ডৰ সৃষ্টি হয়। বিমানখনত মুঠ ২৪২ জন (২৩০ জন যাত্ৰী আৰু ১২ জন কৰ্মচাৰী) আছিল। এতিয়ালৈকে উদ্ধাৰকাৰী দলই ২০৪ জনৰ মৃতদেহ উদ্ধাৰ কৰিছে। প্ৰায় ৪১ জনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে। ১ জনক জীয়াই উদ্ধাৰ কৰা হৈছে যি বিমানে সীট ১১এত আছিল বুলি জানিব পৰা গৈছে। দূৰ্ঘটনাৰ পিছতে ফায়াৰব্ৰিগেড, ৰাষ্ট্ৰীয় বিপদ ব্যৱস্থাপনা বাহিনী (NDRF), আৰু আৰক্ষী বিভাগ ঘটনাস্থলত উপস্থিত হয়। বৰ্তমান ধ্বংসস্তুপৰ পৰা মৃতদেহ উদ্ধাৰৰ অভিযান চলি আছে। স্থানীয় নাগৰিকসকলেও উদ্ধাৰ কাৰ্যত সহায় কৰিছে। বিমানখনৰ ইঞ্জিন General Electric দ্বাৰা নিৰ্মিত আছিল, আৰু বৰ্তমান পৰিস্থি...