Posts

Showing posts from December, 2020
Image
  ৰে’ল যাত্ৰীৰ বাবে সুখবৰ! এতিয়াৰে পৰা গুৱাহাটীলৈ দৈনিক যাত্ৰা কৰক বিশেষ যাত্ৰীবাহী ৰে’লত ৰে’ল যাত্ৰী সকললৈ সুখবৰ! ১৪ ডিচেম্বৰৰ পৰা নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ চলিব বিশেষ যাত্ৰীবাহী ৰে’ল। এই বিশেষ ৰে’লখনেৰে অতি কম সময়ৰ ভিতৰতেই যাত্ৰীসকলে গুৱাহাটীলৈ যাত্ৰা কৰিব পাৰিব। ৰে’লখন নিউ বঙাইগাঁও ষ্টেশ্যনৰ পৰা নিতৌ পুৱা ৪:৫০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পুৱা ৯:১৫ বজাত গুৱাহাটী ষ্টেশ্যন পাবহি ৷ আনহাতে পুনৰ আবেলি ৫:৩০ বজাত ৰে’লখনে গুৱাহাটী ষ্টেশ্যনৰ পৰা যাত্ৰ আৰম্ভ কৰি নিশা ৯:৫৮ বজাত নিউ বঙাইগাঁও ষ্টেশ্যনলৈ পাব ৷ উল্লেখ্য যে সাম্প্ৰতিক কৰ’নাকালীন পৰিস্থিতিৰ বাবে যোৱা কেইবামাহ ধৰি মানস ৰাইনো, বহাগী, চিফুং আদি লোকেল ৰে’লসমূহ বন্ধ হৈ থকাত যাত্ৰীসকলে ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।